কমনৱেলথ গেমছত ভাৰতৰ জয়যাত্ৰা ! বাৰ্মিংহামৰ পৰা ভৰতলৈ আহিল তৃতীয়টো স্বৰ্ণ পদক

0
327

কমনৱেলথ গেমছত ভাৰতৰ জয়যাত্ৰা ! বাৰ্মিংহামৰ পৰা ভৰতলৈ আহিল তৃতীয়টো স্বৰ্ণ পদক

বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছ ২০২২ ত ভাৰতলৈ আহিছে এটাৰ পিছত আন এটা স্বৰ্ণ পদক। ভাৰতে এতিয়ালৈকে ৩টা সোণৰ পদকৰ সৈতে এই খেলসমূহত মুঠ ৬ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে।

ভাৰোত্তোলন প্ৰতিযোগিতাত এইবাৰ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় অচিন্ত শৌলীয়ে । ২০ বছৰীয়া অচিন্ত শৌলীয়ে কমনৱেলথ গেমছত গঢ়িলে নতুন অভিলেখ ।

পুৰুষৰ ৭৩ কিলো শাখাত স্বৰ্ণ পদক লাভ কৰে অচিন্তই। মুঠ ৩১৩ কিলোগ্ৰাম ভাৰোত্তলন কৰি লাভ কৰিলে স্বৰ্ণ। বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতে ভাৰোত্তোলন প্ৰতিযোগিতাতে পালে ৩ টাকৈ স্বৰ্ণ পদক ।

প্ৰথমে মীৰাবাঈ চানু তাৰ পিছত জেৰেমীৰ আৰু আজি অচিন্ত শৌলীয়ে ভাৰোত্তোলনতে লাভ কৰিলে স্বৰ্ণ পদক। স্বৰ্ণ পদক লাভ কৰি অচিন্ত শৌলীয়ে মনৰ ভাব প্ৰকাশ কৰি কয় যে ‘মই ইয়াক লৈ যথেষ্ট সুখি।

মই বহুতো সংগ্ৰামৰ মাজেৰে যোৱাৰ পিছত এই পদকটো জিকিছো। মই এই পদকটো মোৰ ভাতৃ আৰু প্ৰশিক্ষকসকলক উৎসৰ্গা কৰিম।ইয়াৰ পিছত মই অলিম্পিকৰ বাবে প্ৰস্তুতি কৰিম।