26 C
Guwahati
Thursday, September 16, 2021
More

    বিনামূলীয়া চাউল চোৰাংকৈ বিক্ৰী কৰাৰ অভিযোগ সমবায়ৰ সচিব বিৰুদ্ধে

    ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল চোৰাং কৈ বিক্ৰী কৰাৰ সন্দেহত বিলাসীপাৰাৰ মহামায়া সমবায় সমিতি ছীল কৰে পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াই |

    সমবায়ৰ সচিব ছিৰাজুদ্দিন স্বেখ আৰু সভাপতিৰ আমজাদ আলীৰ বিৰুদ্ধে PDS ৰ বিনামূলীয়া চাউল চোৰাং কৈ বিক্ৰী অভিযোগ |


    উল্লেখযোগ্য যে যোৱা ১২ অক্টোৱৰৰ নিশা টিপকাই নদী পথেৰে যন্ত্ৰ চালিত নাঁৱৰে নি থকা অৱস্থাত ৮০ বস্তা চৰকাৰী বিনামুলীয়া চাউল সহ এজনক বগৰীবাৰী আৰক্ষীয়ে আটক কৰিছিল |


    আৰক্ষীৰ তদন্তত আজি সমবায় সমিতি খনৰ গুদাম ঘৰৰ লগতে কাৰ্যালয় ছীল কৰি দিয়ে আৰক্ষীয়ে | লগতে তদন্তৰ বাবে সমবায় খনৰ যাৱতীয় নথিপত্ৰ ছীল কৰি নিয়ে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শকে |

    সমবায় খনৰ সচিব আৰু সভাপতি দুজনৰ এনে কাৰ্যই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে |

    Photo credit : Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং