আই আই টিত নিৰ্লজ্জ কাণ্ড, পাইপেৰে বগাই গৈ ছাত্ৰীৰ গা ধোৱা ঘৰত মনে মনে চাই আছিল কেণ্টিন কৰ্মচাৰীয়ে

0
18122

আই আই টিত নিৰ্লজ্জ কাণ্ড, পাইপেৰে বগাই গৈ ছাত্ৰীৰ গা ধোৱা ঘৰত মনে মনে চাই আছিল কেণ্টিন কৰ্মচাৰীয়ে

চণ্ডীগড় মহাবিদ্যালয়ৰ ছাত্ৰীৰ গা ধোৱাৰ ভিডিঅ ভাইৰেল হোৱাৰ লগতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱাৰ পাছত এইবাৰ আন এক ঘটনা। তাকো আই আই টিৰ দৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান এখনৰ পৰা।

ছাত্ৰীৰ গা ধোৱা ঘৰ মনে মনে চাই আছিল এজন কেণ্টিন কৰ্মচাৰীয়ে। তাকো পাইপ বগাই উঠি গৈছিল সেই গা-ধোৱা ঘৰ চাবলৈ বুলি। এই ঘটনা মুম্বাইৰ আই আই টিৰ।

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী বম্বে (আইআইটি-বি)ৰ এজন ২১ বছৰীয়া কেণ্টিন কৰ্মচাৰী ছোৱালীৰ হোষ্টেলৰ গা ধোৱা ঘৰত মনে মনে চাই থকা হাতে লোটে ধৰা পৰে।

লগেত শিক্ষাৰ্থীসকলে কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে ছাত্ৰীৰ গা-ধোৱা ভিডিঅ’ গোপনে বনোৱাৰো অভিযোগ উত্থাপন কৰিছে। অৱশ্যে, আৰক্ষীৰ মতে, এই অভিযোগ এতিয়াও নিশ্চিত হোৱা নাই।

আৰক্ষীয়ে জনোৱা অনুসৰি, পৱাইৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী বম্বে (আইআইটি-বি)ৰ এজন ২১ বছৰীয়া কেণ্টিন কৰ্মচাৰীক মঙলবাৰে এটা হোষ্টেল ভৱনৰ মহিলাৰ গা-ধোৱা ঘৰত মনে মনে চাই থকাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল।

জানিব পৰা অনুসৰি, কেণ্টিনৰ কৰ্মচাৰীজনৰ নাম পিন্টু গাৰিয়া। দেওবাৰে নিশা গোষ্টেলৰ ভৱনৰ পাইপ বগাই পিন্টুৱে এই কাম কৰিছিল। যি কাৰ্য কৰি থকা কেইবাগৰাকী ছাত্ৰীয়ে হাতে লোটে ধৰা পেলাইছিল।

ঘটনাৰ পাছতে সোমবাৰে আৰক্ষীৰ ওচৰত গোচৰ তৰিছিল কেইবাগৰাকী ছাত্ৰীয়ে। লগতে শিক্ষা প্ৰতিষ্ঠানখনৰো কৰ্তৃপক্ষক অৱগত কৰিছিল এই ঘটনা সম্পৰ্কে।

সেই গোচৰৰ পাছতে আজি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪চি ধাৰাৰ অধীনত অভিযুক্ত পিন্টুক গ্ৰেপ্তাৰ কৰে। লগতে পিন্টুৰ ম’বাইল ফোনটো জব্দ কৰে কোনো ভিডিঅ কৰা বুলি। অৱশ্যে মোবাইলত কোনো ধৰণৰ ভিডিঅ পোৱা নাই আৰক্ষীয়ে।