29 C
Guwahati
Friday, September 17, 2021
More

    ৰাজ কুন্দ্ৰাক সমৰ্থন এগৰাকী অভিনেত্ৰীৰ, কলে ‘পৰ্ণ ইণ্ডাষ্ট্ৰিত কোনেও কাকো জোৰ নকৰে’

    পৰ্ণ ছবি বনোৱাৰ অভিযোগত বৰ্তমানে ১৪ দিনৰ ন্যায়িক জিম্মাত আছে অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা। অভিনেত্ৰী পত্নীয়েও স্বামীক ১০০ শতাংশই সমৰ্থন কৰিবলৈ দ্বিধাবোধ কৰিছে। আনকি মুম্বাই আৰক্ষী উপস্থিত হোৱাৰ দিনা কৈয়ে পেলাইছিল, কিয় তেনে কৰিলে, পৰিয়ালৰ সকলোৰে সন্মান শেষ কৰি পেলালে।

    পিছে এইক্ষেত্ৰত অন্য এগৰাকী অভিনেত্ৰী আগবাঢ়ি আহিছে ৰাজ কুন্দ্ৰাৰ সমৰ্থন ত। কৈছে পৰ্ণ ইণ্ডাষ্ট্ৰি এক কৰ্ম ক্ষেত্ৰ। ইয়াক কোনেও কাকো জোৰ নকৰে। নিজেই নিৰ্বাচন কৰে পৰ্ণ ইণ্ডাষ্ট্ৰি। আৰু এই ক্ষেত্ৰত কাকো সমালোচনা কৰা থিক নহয়।

    এই মন্তব্য কৰিছে অভিনেত্ৰী সোমী আলীয়ে। লগতে ইয়াকো কয় যে, যিহেতু এয়া এক নিজেই নিৰ্বাচন কৰা কৰ্মক্ষেত্ৰ, গতিকে অন্য লোকৰ ইয়াৰ ওপৰত মাত মতাৰ অধিকাৰ নাথাকে বুলি ভাবো।

    লগতে অভিনেত্ৰী সোমীয়ে ইয়াকো কয়, সময় আহি পৰিছে সকলো লোককে খোলা খুলিকৈ যৌন শিক্ষা দিয়া। যৌন শিক্ষাক অগ্ৰাধিকাৰ দিয়া।

    আৰু পঢ়ক : মিজো আৰক্ষীয়ে এইবাৰ দখল কৰিলে সীমান্তত থকা অসমীয়াৰ ঘৰ, অসম আৰক্ষীয়ে ব্যৱস্থা নলোৱাৰ অভিযোগ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং