
ভয়ংকৰ পথ দুৰ্ঘটনা ! ঘন কুঁৱলীৰ বাবে একেলগে ১২ খন বাহন দুৰ্ঘটনাগ্ৰস্ত , আহত বহু
উত্তৰ প্ৰদেশৰ বাঘপতৰ ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱেত দেওবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ঘন কুঁৱলীৰ বাবে ১২ খনতকৈও অধিক বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোত আঠজন লোক আহত হৈছে বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।দুৰ্ঘটনাটোৰ ফলত বহুকেইখন বাহন ক্ষতিগ্ৰস্ত হয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত বহু সময়লৈকে যান জঁটৰ সৃষ্টি হয়।