ভয়ংকৰ দুৰ্ঘটনাত পতিত কেন্দ্ৰীয় মন্ত্ৰীৰ বাহন, প্ৰাণ হেৰুৱালে পত্নী, ব্যক্তিগত সহায়কে, সংকটজনক অৱস্থাত কেন্দ্ৰীয় মন্ত্ৰী

0
240
ভয়ংকৰ দুৰ্ঘটনাত পতিত কেন্দ্ৰীয় মন্ত্ৰীৰ বাহন, প্ৰাণ হেৰুৱালে পত্নী, ব্যক্তিগত সহায়কে, সংকটজনক অৱস্থাত কেন্দ্ৰীয় মন্ত্ৰী

ভয়ংকৰ দুৰ্ঘটনাত পতিত কেন্দ্ৰীয় মন্ত্ৰীৰ শ্রীপদ নায়কৰ বাহন। এই দুৰ্ঘটনাত প্ৰাণ গ’ল মন্ত্ৰীৰ পত্নী আৰু ব্যক্তিগত সহায়কৰ। সংকটজনক অৱস্থাত আছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

খবৰ পোৱা অনুসৰি, মন্ত্ৰীগৰাকীৰ বাহন কন্নড় জিলাৰ অংকোলাৰ ওচৰত দুৰ্ঘটনাত পতিত হৈছে বুলি জানিব পৰা গৈছে। সেই সময়ত মন্ত্ৰীগৰাকী কৰ্ণাটকৰ ধৰ্মস্থলৰ পৰা গোৱালৈ উভতিছিল।

বৰ্তমান মন্ত্ৰীগৰাকীক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে। তাৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপযুক্ত চিকিৎসাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে।

আৰু পঢ়ক : বিধায়ক শিলাদিত্য দেৱৰ সমষ্টিত উন্নয়ণৰ নমুনা, জহি খহি যোৱা দলঙেৰে ৰাইজৰ যাতায়ত