24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰিল ট্ৰেক্টৰ, থিতাতে প্ৰাণ গ’ল চালকৰ

    বিলাসীৰপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বিলাসীপাৰাৰ নিউ বেলতলীত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো ।

    নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল ট্ৰেক্টৰ । ট্ৰেক্টৰখন বাগৰি পৰাৰ ফলতে নিহত ট্ৰেক্টৰ চালক ওমৰ ফাৰুখ ছিদ্দিক। লগতে গুৰুতৰ ভাবে আহত জইনুল হক।

    গোপীগাঁৱৰ পৰা মাটি কঢ়িয়াই আনি বিলাসীপাৰা দিশে গৈ আছিল ট্ৰেক্টৰ খন। তেতিয়াই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰিল দুৰ্ঘটনাগ্ৰস্ত ট্ৰেক্ট্ৰৰখন। ট্ৰেক্টৰ খনৰ নম্বৰ AS 17 C – 1237 বুলি গম পোৱা গৈছে।

    স্থানীয় ৰাইজে যুৱকজনক উদ্ধাৰ কৰি বিলাসীপাৰা চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে এজন যুৱকজনক মৃত বুলি ঘোষণা কৰে ৷ গুৰুতৰভাৱে আহত যুৱক জনক উন্নত মানৰ চিকিৎসালয়ত ভাৱে কোকৰাঝাৰ লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, যুৱকজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷

    Photo Credit: Nur Afrujul Islam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং