ভয়ংকৰ দুৰ্ঘটনা; পুখুৰীত বাগৰিল ট্ৰেক্টৰ, মন্দিৰলৈ যোৱা ১০গৰাকীৰ মৃত্যু

0
96

উত্তৰ প্ৰদেশৰ কানপুৰৰ ঘটামপুৰৰ সাধ থানা এলেকাৰ গম্ভীৰপুৰ গাঁৱৰ সমীপত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এটা পুখুৰীত ট্ৰেক্টৰ-ট্ৰলী বাগৰি পৰাত কেইবাজনো লোক নিহত হোৱাৰ খবৰ আহিছে।

এই ভয়াৱহ দুৰ্ঘটনাটোত এতিয়ালৈকে ১০ জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। এই সংখ্যা ২০ৰ পৰা ২৫জনলৈ বৃদ্ধি হ’ব বুলি স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে।

ট্ৰেক্টৰত ট্ৰলীত উঠি অহা লোক কেইজন কোৰ্থা গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

সকলোৱে ফতেহপুৰৰ চন্দ্ৰিকা দেৱী দেৱী মন্দিৰলৈ গৈছিল। ট্ৰলীখনত আছিল প্ৰায় ৪০ জন লোক। উভতি অহাৰ পথত সংঘটিত হৈছিল এই ঘটনা। তথ্য পোৱাৰ লগে লগে প্ৰশাসনিক বিষয়াসকল সেই স্থানত উপস্থিত হয়।

জানিব পৰা মতে, এটি শিশুৰ চূড়াকৰণৰ বাবে পিতৃ-মাতৃসহ আত্মীয়ৰ সৈতে মন্দিৰলৈ গৈছিল। শিশুটিৰ পিতৃয়ে চলাই আছিল ট্ৰেক্টৰখন। শিশুটি, মাতৃ আৰু পিতৃ তিনিওজনৰে মৃত্যু হয়।

দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে স্বাস্থ্য বিভাগো সতৰ্ক হৈ পৰিছিল আৰু আহত সকলক চিকিৎসালয়লৈ অনাৰ বাবে মহানগৰীৰ পৰা ১৫খন এম্বুলেন্স প্ৰেৰণ কৰা হৈছে।