বটদ্ৰৱাত ঘৰলৈ যোৱাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা, চাৰিচকীয়া বাহনে মহতিয়াই নিহত কৰিলে বাইক আৰোহীক

0
147
বটদ্ৰৱাত ঘৰলৈ যোৱাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা, চাৰিচকীয়া বাহনে মহতিয়াই নিহত কৰিলে বাইক আৰোহীক

বটদ্ৰৱাত ভয়ংকৰ দুৰ্ঘটনা । বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা।

বটদ্ৰৱাৰ ৰাইডঙীয়াত ভয়ংকৰ পথ দুর্ঘটনা । থিতাতে নিহত মটৰ চাইকেল আৰোহী। নিহত লোকজন ধিং বেচামাৰীৰ আছিকুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।

AS02H 5969 নম্বৰৰ এখন মটৰচাইকেলেৰে নগাঁৱৰ পৰা নিজ গৃহলৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা তীব্ৰ বেগত অহা এখন অচিনাকি চাৰিচকীয়া বাহনে মহতিওৱাৰ ফলত থিতাতে নিহত হয় মটৰচাইকেল আৰোহী ।

ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ নগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে অনুসন্ধান অব্যাহত ৰাখিছে।

আৰু পঢ়ক : কোভিড ভেকচিন লোৱাসকলে কি কি নিয়ম মানি চলিব লাগিব?