ৰে’লৱে পানীৰ টেংকিত গা ধুব গৈ সলিল সমাধি ঘটিল এটি কিশোৰৰ

0
98
ৰে’লৱে পানীৰ টেংকিত গা ধুব গৈ সলিল সমাধি ঘটিল এটি কিশোৰৰ

ৰে’লৱে পানীৰ টেংকিত গা ধুব গৈ সলিল সমাধি ঘটিল এটি কিশোৰৰ

লামডিঙৰ ঝুলনপুলত সংঘটিত হৈছে এক শোকাবহ ঘটনা। গা ধুবলৈ আহি সলিল সমাধি ঘটিল এটি কিশোৰৰ।

জানিব পৰা মতে ঝুলনপুলৰ ৰে’লৱে পানীৰ টেংকিত এই কৰুণ ঘটনাটো সংঘটিত হয়৷

মৃত কিশোৰজন ঝুলনপুলৰে নিৱাসী ১৭ বছৰীয়া ৰহিত সিং বুলি পৰিচয় লাভ কৰা গৈছে।

ইফালে অমন কাহাৰ নামৰ এজন স্থানীয় যুৱকৰ সাহসী পদক্ষেপৰ বাবে আন তিনি জন শিশুক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলত হোজাই এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ চলোৱা অভিযানত উদ্ধাৰ হয় কিশোৰ ৰোহিত সিঙৰ মৃতদেহ।

এই ঘটনাৰ পিছৰে পৰা অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে।

ইনপুট : বাপ্পী মালাকৰ

আৰু পঢ়ক : কভিডৰ এই পৰিস্থিতিৰ সময়তে ভয়ংকৰ অঘটন, ১০০ টকাৰ বিনিময়ত কৰ’ণাৰ নিগেটিভ ৰিপোৰ্ট