ডিব্ৰুগড়ৰ লহোৱালত পথ দুৰ্ঘটনাত থিতাতে নিহত CRPF জোৱান

জোৱানজন ডিব্ৰুগড় নগৰৰ ১৭১নং চি আৰ পি এফৰ বেটেলিয়নত কৰ্মৰত আছিল

0
166

বছৰৰ প্ৰথমটো নিশাত লাহোৱালৰ ডিকমত ভয়াৱহ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত দিনেন্দ্ৰ সিংহ নামৰ এজন চি আৰ পি এফ জোৱান থিতাতে নিহত হয়। জোৱানজন ডিব্ৰুগড় নগৰৰ ১৭১নং চি আৰ পি এফৰ বেটেলিয়নত কৰ্মৰত আছিল। স্কুটিৰে চাবুৱাৰ পৰা ডিব্ৰুগড়ৰ শিবিৰলৈ আহি থকা অৱস্থাত আকস্মিক দুৰ্ঘটনাত জোৱানজনে মৃত্যুক সাৱটি লয়।

জোৱানজনৰ ঘৰ কাছাৰত বুলি জানিব পৰা গৈছে। তীব্ৰ বেগেৰে আহি থকা As-O6-U-1813নম্বৰৰ এখন XUV 500 মহিন্দা মাৰুতি বাহনে WB-74 At 9124নম্বৰৰ এখন স্কুতিত সমুখৰ পৰা খুন্দা মৰাত এই ভয়াৱহ দুঘটনা সংঘটিত হয়। আনহাতে ডাক্তৰৰ চিহ্নি থকা XUV 500 মহিন্দা গাড়ীখনৰ ভিতৰত থকা তিনিজন ব্যক্তিও আহত বুলি জানিব পৰা গৈছে। ইতিমধ্যে ডিকম আৰু চি আৰ পি এফৰ আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

কিন্তু পৰিতাপৰ বিষয় নিশাৰ ভাগৰে পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এজন জোৱানৰ নিঠৰ দেহ পৰি থকাৰ পিছতো ডিকম আৰক্ষীয়ে জোৱানজনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে কোনো ব্যৱস্থা নোলোৱা বুলি অভিযোগ উঠিছে।এজন জোৱানৰ প্ৰতি থকা নূন্যতম দায়িত্ব সম্পন্ন কৰাত চৰম অৱহেলা ডিকম আৰক্ষীৰ। শেহতীয়াকৈ আৰক্ষীৰ প্ৰাথমিক তদন্তত XUV খন চিকিৎসক ডাঃ নৱজ্যোতি গগৈ নামত পঞ্জীয়ন আছে বুলি জানিব পৰা গৈছে।

Photo: @abdulrajjak