
অসম চৰকাৰৰ শৈক্ষিক বৰ্ষ এপ্ৰিল আৰু মাৰ্চলৈ সলনি কৰিব। এতিয়াৰে পৰা এপ্ৰিল মাহৰ পৰা আৰম্ভ হ’ব শৈক্ষিক বৰ্ষ আৰু মাৰ্চ মাহত অন্ত পৰিব। চলিত বছৰৰ শৈক্ষিক বৰ্ষ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বে জানুৱাৰীত আৰম্ভ হৈ ডিচেম্বৰ মাহত অন্ত পৰিছিল। CBSE আৰু অধিকাংশ ৰাজ্যৰ আৰ্হিত শৈক্ষিক বৰ্ষ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত ব্যক্তি আৰু সংগঠনৰ পৰা মতামত বিচাৰিছে শিক্ষা বিভাগে। http://sebaonline.orgযোগে সকলো লোকে মতামত আগবঢ়াব পাৰিব।
গৰম বন্ধও ১ মে’ৰ পৰা ৩১ মে’লৈ সলনিৰ প্ৰস্তাৱ গ্ৰহণ ৰাজ্য চৰকাৰৰ। পূৰ্বে ১ জুলাইৰ পৰা গৰম বন্ধ দিছিল শিক্ষানুষ্ঠানসমূহত। দূৰৱৰ্তী শিক্ষা বৰ্তমানৰ দৰে অব্যাহত ৰাখিব পাৰিব। দীক্ষা এপ আৰু বিশ্ব বিদ্যা অসমক অধিক সম্প্ৰচাৰ কৰাৰ লক্ষ্য চৰকাৰৰ। এই সন্দৰ্ভত ইতিমধ্যে টাস্ক ফৰ্চ গঠন কৰিছে চৰকাৰে।
সঠিক সময়তে ঘোষণা হ’ব মেট্ৰিক আৰু HS দ্বিতীয় বৰ্ষৰ পৰীক্ষাসমূহ। ডিজিটেল মাৰ্ক শ্বীট প্ৰদান কৰা হ’ব ছাত্ৰ-ছাত্ৰীসমূহক। ডিজিটেল মাৰ্ক শ্বীটৰ ভিত্তিতে শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব পাৰিব। দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ২৬-২৮ মে’ৰ ভিতৰত পাঠ্যপুথি বিতৰণ কৰা হ’ব।
Photo credit: southasiaviews.com