IPL-ত দুটাকৈ দলক প্ৰতিনিধিত্ব কৰা অসমৰ বেগী বলাৰ আবু নেচিম আহমেদৰ অৱসৰ ঘোষণা

0
120
অসমৰ হৈ আৰু নেখেলে আবু নেচিম আহমেদে; আগন্তুক ঘৰুৱা ছিজনত পিন্ধিব নাগালেণ্ডৰ জাৰ্চি

ৰাষ্ট্ৰীয় পৰ্যায়ত অসম ক্ৰিকেটৰ নাম উজ্বলোৱা বেগী বলাৰ আবু নেচিম আহমেদে অৱশেষত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে।

ছ’চিয়েল মিডিয়াযোগে অৱসৰৰ ঘোষণা কৰা ৩৪ বছৰীয়া আবু নেচিমে ২০০৫ চনত মধ্যপ্ৰদেশৰ বিৰুদ্ধে অসমৰ হৈ প্ৰথম শ্ৰেণী ক্ৰিকেটত অভিষেক কৰিছিল।  

ৰঞ্জী ট্ৰফী, বিজয় হাজাৰে ট্ৰফী আৰু চৈয়দ মুস্তাক আলী ট্ৰফীত অসম দলক নেতৃত্ব দিয়া আবু নেচিমে প্ৰথম শ্ৰেণী আৰু লিষ্ট এ ক্ৰিকেটত সৰ্বমুঠ ২২৬টা উইকেট দখল কৰিছে।

তেওঁ প্ৰথম শ্ৰেণী ক্ৰিকেটৰ কেৰিয়াৰত ৬৪খন মেচ খেলি ১৬৭টা উইকেট দখল কৰাৰ বিপৰীতে লিষ্ট এ’ত ৫৬খন মেচত ৫৯টা উইকেট দখল কৰিছে।

আনহাতে ৭৫খন টি-২০ মেচত তেওঁ ৭৫টা উইকেট দখল কৰিছিল।

নিজৰ প্ৰতিভাৰ বলত আবু নেচিম আহমেদে ভাৰতীয় ১৯ অনূৰ্ধ্ব দলকো প্ৰতিনিধিত্ব কৰিছিল। ২০০৬ চনত শ্ৰীলংকাত অনুষ্ঠিত ১৯ অনূৰ্ধ্ব বিশ্বকাপৰ ভাৰতীয় দলৰ অংশ আছিল নেচিম।

কেৰিয়াৰৰ আৰম্ভণিত দেখুওৱা চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে তেওঁ ২০১০ চনৰ পৰা ২০১৩ চনলৈ বিশ্বৰ আগশাৰীৰ টি-২০ লীগ আই পি এলত মুম্বাই ইণ্ডিয়ানছক প্ৰতিনিধিত্ব কৰিছিল।

মুম্বাই ইণ্ডিয়ানছৰ পিছত তেওঁ বিৰাট কোহলীৰ নেতৃত্বত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুকো প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল।

অৱশ্যে বিগত কেইটামান বছৰত তেওঁৰ প্ৰদৰ্শন নিম্নগামী হোৱা বাবে অসম এৰি নাগালেণ্ডৰ হৈ ঘৰুৱা ক্ৰিকেট খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

২০২১ চনৰ পৰা অৱসৰ ঘোষণা কৰা পৰ্যন্ত তেওঁ নাগালেণ্ডৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল।