
সদৌ বিটিচি সংখ্যালঘূ ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ প্ৰতিবাদত কঁপিল বাক্সাৰ সদৰ মুছলপুৰ৷ মুছলপুৰৰ দুৰ্গা মন্দিৰ প্ৰাংগনত শতাধিক সদস্যই লাফিকুল ইছলাম হত্যাৰ বিচাৰৰ লগতে ডি ভোটাৰ সমস্যা সমাধানৰ বাবে দাবী জনায়৷
মুছলপুৰ জিলা এবিএমছুৰ উদ্যোগত প্ৰায় শতাধিক সদস্যই লাফিকুল ইছলাম হত্যাৰ বিচাৰ লাগে, চিবিআইৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰক, অসম চৰকাৰ হায় হায়, হাগ্ৰামা মূৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, ডি ভোটাৰ সমস্যা সমাধান কৰক আদি শ্ল’গান দি মুছলপুৰৰ আকাশ বতাহ কঁপাই তোলে ৷
উল্লেখ্যে বিগত দুবছৰ পূৰ্বে কোকৰাঝাৰ জিলাৰ তিতাগুৰিত এবিএমছুৰ কেন্দ্ৰীয় সভাপতি লাফিকুল ইছলামক দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিছিল যদিও আজিলৈকে হত্যাকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল৷ সেইদৰে বিটিচিত বসবাস কৰা সংখ্যালঘূ মুছলমানসকলক সীমান্ত আৰক্ষীয়ে ডি ভোটাৰ সজাই হাৰাশাস্তি কৰি আহিছে৷
তেনে পৰিপ্ৰেক্ষিতত আজি সংগঠনটোৱে দুঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ কাৰ্যসুচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক নজৰুল ইছলামে এই সন্দৰ্ভত অহা তিনি ডিচেম্বৰত দিল্লীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিব বুলি জানিবলৈ দিয়ে৷ আনহাতে সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলিও ভাবুকি দিয়ে৷