
ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে বিটিএডিৰ নিৰ্বাচনৰ আগমুহূৰ্তৰ প্ৰতিচ্ছবিখন৷ সকলোৱে ভাগে ভাগে অংক কৰাত ব্যস্ত হৈ পৰিছে৷ কোনোৱে ৩০ খন আসন, আন কোনোৱে ২৬ খন আসন পাম বুলি দাবী কৰিছে৷ কিন্তু নিৰ্বাচনৰ দিন-বাৰ ঘোষণাই হোৱা নাই৷ দিন-বাৰ ঘোষণা নহলেও ৰাজভোগ তথা ক্ষমতা দখলৰ এই যুঁজত পিছ পৰি থাকিব কোনে ৷ শাসকীয় বিপিএফ, প্ৰধান বিৰোধী ইউপিপিএল, সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন অবড়ো সুৰক্ষা সমিতি, কংগ্ৰেছ আৰু ইউডিএফ দলে ভাগে ভাগে নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে৷ নিৰ্বাচনৰ দিন-বাৰ ঠিক নৌহওতেই শাসকীয় বিপিএফ দলে এইবাৰৰ যুঁজ যে বিপদজনক হ’ব সেই কথাৰ অনুমান কৰিয়েই লৰাধপৰা লগাই প্ৰাৰ্থীৰ তালিকাই ঘোষণা কৰি পেলালে৷ ইয়াৰ মাজতে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে এক শক্তিশালী বিকল্প শক্তিক থিয় কৰিবলৈ উঠিপৰি লাগিছে UPPL দল।
সকলো জাতি-জনগোষ্ঠীৰ লোকক লৈ বিটিএডি দখলৰ দিশে আগবাঢ়িছে ইউপিপিএল দল৷ বিগত সময়ত ইউপিপিএল দলত কেইবাটাও জনগোষ্ঠীৰ প্ৰাক্তন ছাত্ৰ নেতাই যোগদান কৰি দলটোক শক্তিশালী কৰিবলৈ প্ৰচেষ্টা চলাইছে৷ তাৰ মাজতে বিটিএডিৰ শক্তিশালী সংখ্যালঘু সংগঠন এবিএমছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক, উপ-সভাপতি, সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰাক্তন মুখ্য সমন্বয়ক মুজিব আলী আহমেদে ইউপিপিএলত যোগদান কৰিব বুলি ঘোষণা কৰিছে৷ বিটিএডিত এক বিকল্প ৰাজনীতিৰ সপোন দেখি ইউপিপিএলত যোগদান কৰা বুলি কয় মুজিব আলী আহমেদে৷ বিটিআৰ অঞ্চলৰ জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়, শান্তি, আশা-আকাংক্ষা বাস্তবায়িত কৰাৰ স্বাৰ্থত UPPLত যোগদান কৰা বুলি কয় আহমেদে৷

উল্লেখ্য যে, বিগত ১৫ বছৰে হাগ্ৰামা মহিলাৰীয়ে বিটিএডিত হৈ আছিল একছত্ৰী সম্ৰাট৷ কিন্তু এইবাৰ হাগ্ৰামাৰ সন্মুখত থিয় দিছে শক্তিশালী বিৰোধী পক্ষ৷ এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো, উৰ্খাও গৗৰা ব্ৰহ্ম, গোবিন্দ বসুমতাৰী সহ এনডিএফবিৰ নেতাসকল৷ আনহাতে শক্তিশালী ৰূপত থিয় দিব এবছুৱে৷ যাৰ বাবে হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনৰ দিন-বাৰ ঠিক নকৰাকৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰি প্ৰতিপন্ন কৰিব খুজিছে যে আমি শক্তিশালী ৰূপত নিৰ্বাচনত অৱতীৰ্ণ হৈ পুনৰ চৰকাৰ গঠন কৰিম৷ কিন্তু এইবাৰৰ নিৰ্বাচন হাগ্ৰামাৰ বাবে সহজ নহ’ব সেয়া খাতাং৷