27 C
Guwahati
Wednesday, June 29, 2022
More

    কাঁ মহোৎসৱৰ পৰা ঘৰলৈ উভতি আহিয়ে অভিষেক বচ্চনে লাভ কৰিলে দুঃসংবাদ

    কাঁ মহোৎসৱৰ পৰা ঘৰলৈ উভতি আহিয়ে অভিষেক বচ্চনে লাভ কৰিলে দুঃসংবাদ

    কাঁ মহোৎসৱৰ পৰা ঘৰলৈ উভতি আহি অভিনেতা অভিষেক বচ্চনে এক দুঃসংবাদ লাভ কৰিলে। এই দুঃসংবাদটো আছিল তেওঁৰ এজন আত্মীয়ৰ ফালৰ পৰা।

    আপোনজনৰ এই খবৰৰ পিছতেই এতিয়া শোকত ভাগি পৰিছে বলীউডৰ অভিনেতা অভিষেক বচ্চনৰ পৰিয়াল।

    বলীউডৰ অভিনেতা অভিষেক বচ্চনে পত্নী ঐশ্বয্য ৰায় বচ্চন আৰু জীয়েক আৰাধ্যাৰ সৈতে কাঁ মহোৎসৱলৈ গৈছিল।

    কিন্তু কাঁ মহোৎসৱৰ পৰা উভতি আহি অভিষেকে জানিব পাৰিলে যে তেওঁৰ কষ্টিউম ডিজাইনাৰ আকবৰ শাহপুৰবালাই ইহলীলা সম্বৰণ কৰে।

    অভিষেক বচ্চনে আকবৰ শাহপুৰবালাৰ মৃত্যুৰ পিছতে ছচিয়েল মিডিয়াত এটা পোষ্ট দিছে। এই পোষ্টটোত তেওঁ লিখিছে যে-
    “ঘৰলৈ আহি এটা বেয়া খৱৰ পালো। আকবৰ শাহপুৰবালা আৰু নাই”।

    তেওঁক মই মৰমতে আক্কী খুড়া বুলি মাতিছিলো। মোৰ জীৱনৰ প্ৰথম স্যুটযোৰ তেওঁৱেই বনাইছিল আৰু সেইযোৰ আজিও মোৰ লগত আছে।

    এই পোষ্টটোৰ লগতে অভিষেক বচ্চনে নিজৰ এযোৰ স্যুটৰ ফটোও শ্বেয়াৰ কৰিছে।

    আকবৰ শাহপুৰবালাৰ মৃত্যুত ফেশন ডিজাইনাৰ মনীষ মালহোত্ৰা, কৰণ জোহৰেও অভিষেক বচ্চনৰ পোষ্টত শোক প্ৰকাশ কৰিছে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং