অভি-নীল হত্যাকাণ্ড: দুটা বছৰত ভৰি দিলে অভিশপ্ত ২০১৮ৰ ৮ জুন

হৃদয় বিগলিত কৰা এতি বাক্য "মোক নামাৰিবা, মই অসমীয়া। বিশ্বাস কৰা, মই সত্য কৈছো। মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস, মাৰ নাম ৰাধিকা দাস"

0
1370

অসমৰ ইতিহাসৰ এক ক’লা অধ্যায়। ১০১৮ৰ ৮ জুন। অভিশপ্ত এই দিনটোতেই বিনা কাৰণত গণপ্ৰহাৰত মৃত্যু হৈছিল দুই যুৱকৰ।

আজিৰ দিনটোতেই দুবছৰ পূৰ্বে কাৰ্বি আংলং জিলাৰ ডকমোকাত সংঘটিত হৈছিল মানৱ জাতিক নতশিৰ কৰা এক হত্যাকাণ্ড।

যি হত্যাকাণ্ডই কেৱল দেশতে নহয় বিশ্বকেই জোকাৰি গৈছিল।

ডকমোকালৈ ফুৰিব যোৱা গুৱাহাটীৰ বাসিন্দা অভিজিত নাথ আৰু নীলোৎপল দাসক সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি হৈ মত্যুবৰণ কৰিছিল।

ছচিয়েল মিডিয়া যোগে বিয়পি পৰা এটা ভুৱা বাতৰিৰ প্ৰভাৱত এই হত্যাকাণ্ড সংঘটিত হৈছিল।

অভিজিত আৰু নীলোৎপলে বন্ধৰ দিন উপভোগ কৰিবলৈ ২০১৮ৰ ৮ জুনত দিনৰ দহবজাত গুৱাহাটীৰ পৰা এখন ক’লা ৰঙৰ মহিন্দ্ৰ চাফাৰী গাড়ীৰে কাৰ্বি আংলং জিলাৰ ডিফু মহকুমাৰ কাংথিলাংচো (Kangthilangso) জলপ্ৰপাতলৈ যাত্ৰা কৰিছিল।

২৯ বছৰীয়া নীলোৎপল দাস বৃত্তিত এজন চাউণ্ড ইঞ্জিনিয়াৰ আছিল আৰু গোৱাৰ এটা ষ্টুডিঅ’ত কৰ্মৰত আছিল।

মাত্ৰ কেইদিনমান আগতে তেওঁ গুৱাহাটীৰ নিজা ঘৰলৈ আহিছিল।

নিশা আঠমান বজাত তেওঁলোক কাঞ্চি লাংচোৰ পৰা উভতি আহোঁতে বাটতে পোৱা পানীজুৰি গাঁওত সোপাধৰাৰ সন্দেহত স্থানীয় লোকে তেওঁলোকৰ গাড়ীখন ৰখায়।

স্থানীয় লোকসকলৰ উগ্ৰমূৰ্তি দেখি তেওঁলোকে পলাবলৈ চেষ্টা কৰে যদিও তেওঁলোকক আগচি ধৰি নিৰ্মমভাবে মাৰধৰ কৰিবলৈ লয়।

উপস্থিত লোকৰ কোনোবা এজনে মোবাইলত ৰেকৰ্ড কৰা আৰু চ’ছিয়েল মেডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছিল নীলোৎপল দাসে “মোক নামাৰিবা, মই অসমীয়া। বিশ্বাস কৰা, মই সত্য কৈছো। মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস, মাৰ নাম ৰাধিকা দাস”।

আক্ৰমণকাৰীসকলক জীৱনৰক্ষা কৰিবলৈ কাতৰ অনুৰোধ জনোৱা এই বাক্য কেইশাৰীয়ে জোকাৰি গৈছিল সমগ্ৰ মানৱ জাতিকেই।

ঘটনাটো সংঘটিত হোৱাৰ তিনি-চাৰি দিন আগতে সোপাধৰা সংক্ৰান্তীয় এটা হোৱাটচএপ মেছেজ আৰু মুখ বাগৰি অহা ভুৱা খবৰে় অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

ক’লা ৰঙৰ গাড়ী লৈ জলপ্ৰপাত চাবলৈ যোৱা যুৱকদ্বয়ক দেখি অঞ্চলটোৰ ৰাইজে তেওঁলোকক সোপাধৰা বুলি সন্দেহ কৰিছিল।

বিশেষকৈ সংগীত ভালপোৱা নীলে ৰখা দীঘল চুলিয়ে এই সন্দেহ অধিক ঘনীভূত কৰিছিল।

দুজন সন্দেহজনক যুৱক অঞ্চলটোত প্ৰবেশ কৰা বুলি ওলোৱা খবৰ মুহূৰ্ত্ততে বিয়পি পৰিছিল আৰু এজন দুজনকৈ লোক গোট খাব ধৰিছিল।

আৰু উভতি যোৱাৰ সময়তে ঘটিছিল সেই অতি নিদাৰুণ ঘটনাটো।

Photo Credit: Facebook