
চাৰি সমষ্টিৰ উপ নিৰ্বাচনক কেন্দ্ৰ কৰি নেতাৰ মাজত তীব্ৰ বাক্যবান অব্যাহত আছে ৷ আজি চাৰি সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৷ এনে সময়তে বৰপেটাৰ সাংসদ আব্দুল খালেকে বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে ৷ কিছুদিন পূৰ্বে ধুবুৰীৰ সাংসদ তথা AIUDF প্ৰধান বদৰুদ্দিন আজমলে সাংসদ আব্দুল খালেকক তীক্ষ্ণ সমালোচনা কৰাৰ পিছত সাংসদ আব্দুল খালেকে কটাক্ষ কৰে বদৰুদ্দিন আজমলক।
হিমন্ত আৰু আজমলৰ বিৰুদ্ধে সৰৱ সাংসদ আব্দুল খালেক৷ ‘হিমন্তৰ টকাৰে প্ৰতিটো নিৰ্বাচন খেলে আজমলে, আজমল হিমন্তৰ পুষ্যপুত্ৰ, হিমন্তই উঠিব ক’লে উঠে, বহিব ক’লে বহে।’- এই মন্তব্যৰে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা আব্দুল খালেকৰ।
হিমন্ত বিশ্বৰ কথা মতেই উপ-নিৰ্বাচনত ৰাতাবাৰীত প্ৰাৰ্থী নিদিলে আজমলে ৷ এই বুলি হিমন্ত বিশ্ব আৰু আজমলক আক্ৰমণ সাংসদগৰাকীৰ ৷ ইফালে কেবাজনো AIUDF বিধায়কে কংগ্ৰছলৈ যোৱাৰ প্ৰস্তুতি চলাইছে। ২-৩ গৰাকী বিধায়কে সাংসদগৰাকীৰ সৈতেও যোগাযোগ কৰা বুলি মন্তব্য কৰে আব্দুল খালেকে।
টিকটৰ নিশ্চয়তা দিলে সেইসকল AIUDF ৰ বিধায়কে কংগ্ৰেছত যোগদান কৰিব ৷ কিন্তু সাংসদগৰাকীয়ে সেইসকল বিধায়কক টিকটৰ নিশ্চয়তা দিব নোৱাৰে বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে।