
অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ। নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহেৰে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ আগমনৰ সময়ত চৰকাৰৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰিব প্ৰতিবাদ।
ডিব্ৰুগড়ৰ শ্বহীদ ভৱনত সদৌ অসম ছাত্ৰ সন্থাৰ হৈ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এখনি গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি লগতে ইয়াকো ঘোষণা কৰিছে যে, ২২ জানুৱাৰীত সংগঠনটোৱে জোঁৰ সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰিব। সংবাদমেলখনত সদৌ অসম ছাত্ৰ সন্থাই কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি নলয় বুলি সদৰি কৰিছে।
প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাই জিলাই জিলাই প্ৰতিবাদ কৰিব বুলি কৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে ২৩ জানুৱাৰীত ক’লা কাপোৰ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও ঘোষণা কৰিছে। অসম আৰু বাংলাদেশ সীমা ছীল কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে সম্পূৰ্ণ মিছা কথাৰে ৰাইজক ঠগি আহিছে বুলিও নাথে অভিযোগ কৰে।
প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ আগমনৰ সময়ত সমগ্র ৰাজ্যতে তীব্ৰ প্ৰতিবাদ কৰি “কা”ৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলিও ঘোষণা কৰিছে আছুৱে। একেদৰে ২৪ জানুৱাৰীত ক’লা পতাকা উত্তোলন আৰু ‘কা’ দাহ কৰি সাব্যস্ত কৰা হ’ব প্ৰতিবাদ।
আৰু পঢ়ক : কৰ’ণা মহামাৰী, লকডাউনৰ পিছতো বৃদ্ধি হ’ল চীনৰ অৰ্থব্যৱস্থা