26 C
Guwahati
Tuesday, September 27, 2022
More

    পুনৰ ৰাজপথ কঁপাবলৈ সাজু আছু; ‘মাধ্যমৰ ওপৰত হাত নিদিব’, সমুজ্জ্বল ভট্টাচাৰ্য

    চৰকাৰী বিদ্যালয়ত ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰাৰ সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰি অহা ছাত্ৰ সন্থাই ৰাজপথত আন্দোলন কৰিবলৈ সাজু হৈছে।

    চৰকাৰে আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ মতামতক গুৰুত্ব প্ৰদান নকৰাত ছাত্ৰ সংগঠনটোৱে দুৰ্গা পূজাৰ পিছৰে পৰা ৰাজ্যজুৰি গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জনাইছে।

    অসম চৰকাৰে চৰকাৰী বিদ্যালয়ত ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰা বিষয়টো প্ৰত্যাহাৰৰ দাবীত চাৰিটা সংগঠন আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে আন্দোলনত সহযোগ কৰিব বুলি জানিবলৈ দিছে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

    আজি বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়, ‘চাৰিটা সংগঠনে বহু দিনৰ পৰা চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা কৰি আহিছো। কিন্তু পুনৰ চৰকাৰৰ লগত আলোচনা নহ’ল। সকলো শিক্ষক সংগঠনক লগত লৈ আলোচনা কৰা হৈছে। অসমীয়া ভাষা আৰু মাধ্যমৰ আঁকোৰগোজ মনোভাৱ ত্যাগ কৰিবলৈ দাবী জনাইছো’।

    শিক্ষামন্ত্ৰীৰ সিদ্ধান্তক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওফৰাই দিয়ে বুলি বিস্ফোৰক অভিযোগ কৰি বৰুৱাই কয়, ‘দুৰ্গা পূজাৰ পিছত গণতান্ত্ৰিক আন্দোলন কৰা হ’ব। দুৰ্গা পূজাৰ পিছত হ’ব শৈক্ষিক সন্মিলন। অসমৰ দল-সংগঠনৰ পৰা গুৱাহাটীত মতামত লোৱা হ’ব’।

    ইফালে পূজাৰ বন্ধৰ পিছত ৰাজপথত আন্দোলনৰ দিন ঘোষণা কৰিব বুলি হুংকাৰ প্ৰদান কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে।

    নাথে কয়, ‘এন ই পিৰ মতে মাতৃভাষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। কিন্তু তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত শিক্ষা দান কৰিলে মাতৃভাষা ধ্বংস হ’ব’।

    ইফালে কাৰ্বি আংলং আৰু তিনিখন পাহাৰৰ বিদ্যালয় যাতে চৰকাৰে বন্ধ নকৰে তাৰ বাবেও আহ্বান জনায়।

    আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই পুনৰ এবাৰ চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যম জাঁপি দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰে।

    চৰকাৰে মাধ্যম সন্দৰ্ভত লোৱা সিদ্ধান্ত বাতিল নকৰিলে পূজাৰ পিছত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি ভট্টাচাৰ্যই হুংকাৰ প্ৰদান কৰে।

    ভট্টাচাৰ্যই কয়, ‘মাধ্যম আন্দোলনৰ বাবে বহু শ্বহীদ হৈছিল। চৰকাৰে আওকাণ কৰিলে নচলিব, এই দাবী মানিব লাগিব। চৰকাৰে মাধ্যমৰ ওপৰত হাত নিদিব। পূজাৰ পিছত গণতান্ত্ৰিক আন্দোলন কৰা হ’ব’।

    ইয়াৰ উপৰি অসমৰ সকলো শিক্ষাবিদৰ পৰামৰ্শ লৈ এখন শৈক্ষিক আন্দোলন অনুষ্ঠিত কৰা হ’ব বুলিও সমুজ্জল ভট্টাচাৰ্যই জানিবলৈ দিয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং