19 C
Guwahati
Monday, December 6, 2021
More

    ফিলবাৰীত ছাত্ৰ-ছাত্ৰীৰ সন্মুখত শিক্ষয়ত্ৰীৰ ৰাজহুৱা আঁঠু, আছু নেতাক বহিস্কাৰ

    ফিলবাৰীত ছাত্ৰ-ছাত্ৰীৰ সন্মুখত শিক্ষয়ত্ৰীৰ ৰাজহুৱা আঁঠু, আছু নেতাক বহিস্কাৰ

    ডুমডুমাৰ ফিলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়ত্ৰীক ৰাজহুৱাকৈ ছাত্ৰ-ছাত্ৰীৰ আগত আঠু কাঢ়িবলৈ বাধ্য কৰোৱাৰ পাছতে উক্ত ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে।

    এই ঘটনাৰ পাছতে ৰাজ্য চৰকাৰে তদন্তৰ নিৰ্দেশ দিছে। তিনিদিনৰ ভিতৰত চৰকাৰে তদন্তৰ প্ৰতিবেদন দাখিলৰো নিৰ্দেশ দিয়ে।

    সোমবাৰৰ ঘটনাৰ পাছতে এতিয়া মানসিকভাৱে ভাগি পৰিছে শিক্ষয়্ত্ৰী গৰাকী।

    উল্লেখযোগ্য যে, ফিলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি মাচুল বৃদ্ধিক কেন্দ্ৰ কৰি সংঘটিত হোৱা এক অবাঞ্চিত পৰিস্থিতিত বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰীক ৰাজহুৱাকৈ আঠু কাঢ়ি ক্ষমা বিচাৰিবলৈ বাধ্য কৰোৱা হৈছিল।

    শিক্ষয়িত্ৰী গৰাকীয়ে ফিলবাৰীৰ ছাত্ৰ-ছাত্ৰীৰ অনুকূল পৰিস্থিতি বিনষ্ট হোৱাৰ বাবেই আৱেগিক হৈ পৰিছিল বুলি উল্লেখ কৰি ফিলবাৰীৰ ৰাইজক এটা সুন্দৰ শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাৰ বাবে আহ্বান জনায়।

    ইপিনে, ফিলোবাৰীৰ ঘটনাৰ পাছতে সদৌ অসম ছাত্ৰ-সন্থাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি শিক্ষাগুৰুক অপমান কৰা কাৰ্য্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

    সদৌ অসম ছাত্ৰ সন্থাই উক্ত ঘটনাৰ বাবে তিনিচুকীয়া জিলা ছাত্ৰ-সন্থাৰ উপ-সভাপতি কৰ্ণ বুঢ়াগোঁহাইক ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহিস্কাৰ কৰে।

    আৰু পঢ়ক : পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য, উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং