33 C
Guwahati
Sunday, October 17, 2021
More

    নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত আছুৰ বৃহৎ প্ৰতিবাদ

    গোগামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ বাবে আজি সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলে উলিওৱা এক জোৰ সমদলৰ সময়তে আৰক্ষী আৰু আছু কৰ্মী সকলৰ মাজত হতাহতি হয়।

    আছু কৰ্মীসকলে হাতে হাতে জোৰ লৈ এন এইচ পি গো বেক, ৰণোজ পেগু মুৰ্দাবাদ, জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰক আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে।

    উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ গাৰ্ড ৱাল খহি পৰাৰ পাছতে আছু নেতৃত্বই উক্ত স্থান পৰিদৰ্শন কৰাৰ লগতে এন এইচ পি চিক নদী বান্ধৰ কাম বন্ধ কৰাৰ বাবে দাবী জনায়।

    সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই কোনো কাৰণে গোগামুখৰ নামনি সোৱণশিৰিজলবিদ্যুৎ হ’বলৈ দিয়া নহ’ব বুলি নিজৰ স্থিতি স্পষ্ট কৰে।

    ইফালে শিৱসাগৰৰ বিধায়ক তথা ৰাইজ দলৰ সভাপতি অখিল গগৈয়ো নামনি সোৱণশিৰিৰ কাম কৰিবলৈ দিয়া নহ’ব এই বান্ধ ভাঙি পেলাব লাগে বুলি মন্তব্য কৰিছিল।

    আৰু পঢ়ক : ৰাম মন্দিৰৰ বাবে এতিয়ালৈ ১১৫ খন দেশৰ পৰা আহিছে পবিত্ৰ জল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং