ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰি আছুৰ উত্তাল প্ৰতিবাদ; হেলিকপ্টাৰৰে পলায়ন মুখ্যমন্ত্ৰীৰ

বাইক ৰেলী কৰি গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ যোৱা আছু দলক প্ৰশাসনে চেষ্টা কৰিছিল ৰুধিবলৈ কিন্তু বিফল হয়। মুখ্যমন্ত্ৰীৰ গৃহৰ সমীপত প্ৰতিবাদকাৰীক আগুচি ধৰিছিল চৰকাৰৰ প্ৰশাসনে কিন্তু আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেহু ফালি মুখ্যমন্ত্ৰী গৃহৰ সন্মুখত আছুৰ উত্তাল প্ৰতিবাদ

0
3055
Photo : Time8
Photo : Time8

ডিব্ৰুগড়ত আছুৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও। আছুৰ প্ৰৱল প্ৰতিবাদত পলায়ন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । হেলিকপ্টাৰৰে পলায়ন কৰিছে মুখ্যমন্ত্ৰীয়ে। আছু গৰজি উঠিছে- ”পলৰীয়া মুখ্যমন্ত্ৰী নালাগে ,নাগপুৰত বিক্ৰী যোৱা মুখ্যমন্ত্ৰী নালাগে।” মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিধায়ক প্ৰশান্ত ফুকন বিজেপিৰ নেতা পালি নেতাৰ ঘৰৰ সন্মুখে সন্মুখে প্ৰতিবাদৰ অগ্নি,আছুৱে কপাঁইছে সমগ্ৰ ডিব্ৰুগড়,টাৰ্গেট গেৰুৱা বাহিনীৰ আৱাসগৃহ। CABৰ বিৰুদ্ধে অসম আন্দোলন সদৃশ পৰিবেশ ডিব্ৰুগড়ত। আছুৰ নেতৃত্বত ডিব্ৰুগড় লক্ষীনগৰস্থিত মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও। বাইক ৰেলী কৰি গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ যোৱা আছু দলক প্ৰশাসনে চেষ্টা কৰিছিল ৰুধিবলৈ কিন্তু বিফল হয়।

Video: Time8

মুখ্যমন্ত্ৰীৰ গৃহৰ সমীপত প্ৰতিবাদকাৰীক আগুচি ধৰিছিল চৰকাৰৰ প্ৰশাসনে কিন্তু আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেহু ফালি মুখ্যমন্ত্ৰী গৃহৰ সন্মুখত আছুৰ উত্তাল প্ৰতিবাদ। দিয়া নহ’ব কেব আনিবলৈ। বিনিময়ত হ’ব পাৰে যিকোনো পৰিস্থিতি। প্ৰতিবাদৰ সময়ত নিজ গৃহতে আছিল মুখ্যমন্ত্ৰী। একালৰ জাতি প্ৰেমী আছু নেতা সৰ্বানন্দক এতিয়াৰ নিজ সতীৰ্থ আছু কৰ্মীয়ে এনেদৰে নিজ গৃহত আৱদ্ধ কৰি প্ৰতিবাদ কৰা ঘটনাই স্পষ্ট কৰিছে জাতীয় অস্তিত্ব যে সংকটত। সমান্তৰালকৈ বিধায়ক প্ৰশান্ত ফুকনৰ ঘৰৰ সন্মুখতো CABনমনাৰ হুংকাৰ আছুৰ।