প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়তে সমগ্ৰ ৰাজ্যত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ
আজি চিলাপথাৰলৈ আহিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী গৰাকীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন ঠাইত বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰা দেখা যায়।
আজি মৰিগাঁও ছাত্র সন্থাই মৰিগাঁও গান্ধী ভৱনৰ সন্মুখত মোদীক অসম ভ্ৰমণৰ বিৰোধিকা কৰি হাতত লয় বিক্ষোভ কাৰ্যসূচী। এই কাৰ্যসূচীতে হাতে হাতে কলা কাপোৰ লৈ চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিবেশ ।
ধেমাজি জিলাৰ চিলাপথাৰত প্ৰধান মন্ত্ৰী মোদীয়ে জনসভাত অংশ গ্রহণ কৰাৰ সময়তে তেওঁৰ আগমনৰ বিৰোধিতা কৰি লখিমপুৰত আছুৱে কলা পতাকা জোকাৰি বিক্ষোভ প্ৰদৰ্শন কৰে।
ঠিক একেদৰে মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ লগতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে । অসম চুক্তি ৬নং দফাৰ কাৰ্যকৰীকৰণ, বৃহৎ নদীবান্ধৰ সমস্যা সমাধান কৰাৰ দাবী প্ৰতিবাদী আছু কৰ্মীৰ। বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰো দাবী জনাই ছাত্ৰ সংগঠনটোৱে ।
আৰু পঢ়ক : পুডুচেৰী কংগ্ৰেছ চৰকাৰে হেৰুৱালে বহুমত, মুখ্যমন্ত্ৰী নাৰায়ণস্বামীৰ ইস্তফা