
বৃটিছৰ ইউনিয়ন জেক নমাবলৈ গৈ ঢেকীয়াজুলি থানাত আজি দিনটোতে অৰ্থাৎ ১৯৪২ চনৰ ২০ চেপ্টেম্বৰ তাৰিখে বৃটিছৰ গুলীত প্ৰাণাহুতি দিয়া স্বাধীনতা আন্দোলনৰ শ্বহীদ মনবৰ নাথৰ পবিত্ৰ স্মৃতিত দেওবাৰে কোকৰাঝাৰৰ গেন্দ্ৰাবিলত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰা হয়। সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি লক্ষণ নাথে আৰু শ্বহীদ তৰ্পন কৰে সন্থাৰ সম্পাদক অৰবিন্দ নাথে।
শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ পিছতে সন্থাৰ সম্পাদক অৰবিন্দ নাথে ৪২ ৰ শ্বহীদ মনবৰ নাথে চৰকাৰৰ অৱহেলাত উপযুক্ত মৰ্যদা পোৱা নাই বুলি অভিযোগ কৰিছে। দেশৰ বাবে আত্মবলিদান দিয়া শ্বহীদ মনবৰ নাথৰ স্মৃতিত প্ৰতি বছৰে অনুষ্ঠিত হোৱা শ্বহীদ দিৱস চৰকাৰী উদ্যোগত পাতিবলৈ আহ্বান জনাইছে। আনহাতে নাথ যোগীসকলক অতিশীঘ্ৰে জনজাতিকৰণ নকৰিলে আৰু নাথ যোগীসকলক উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ প্ৰদান নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত নাথ যোগীসকলে বিজেপিক উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰিছে অৰবিন্দ নাথে।

কোকৰাঝাৰৰ গেন্দ্ৰাবিলত কেন্দ্ৰীয় শ্বহীদ দিৱস উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে প্ৰতিগৰাকী শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি চৰকাৰক ক্ষুৰাধাৰ সমালোচনাৰে থকাসৰকা কৰে। ধৰ্মৰ নামত ভাগ ভাগ কৰা শক্তিক বিদায় দিয়াৰ সময় সমাগত আৰু সকলোকে একত্ৰিত হোৱাৰ আহ্বান জনাইছে দীপাংক নাথে। বিজেপি চৰকাৰক কটাক্ষ কৰি আছুৰ সভাপতি দীপাংক নাথে কয় যে ১৬ মে’ৰ পিছত বাংলাদেশী খেদাৰ হুংকাৰ দিয়া এইখন চৰকাৰে ৬ নং দফাও কাৰ্যকাৰী কৰিব নোৱাৰিলে।
এইখন চৰকাৰৰ দিনতে সকলো উদ্যোগ বন্ধ হ’ল, নিৱনুৱা সমস্যাৰ সমাধান নহ’ল বুলি মন্তব্য কৰি দীপাংক নাথে মিছা কথা কৈ কৈ, ঠগি ঠগি শাসন চলোৱাতকৈ বাদ দিয়াই ভাল বুলি তাপপৰ্যপূৰ্ণ মন্তব্য কৰিছে। তদুপৰি ৮৫৫ জন শ্বহীদৰ বিনিময়ত জন্ম লাভ কৰা অগপে দলে “কা” ৰ সপক্ষে ভোট দি খিলঞ্জীয়া নাগৰিকৰ স্বাৰ্থক বিশ্বাসঘাটকতা কৰিছে বুলি মন্তব্য কৰে। ৩৫ বছৰ পিছত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত জন্ম হোৱা আপোচহীন সত্বাটোৱে দিল্লীৰ শ্ৰুতলিপিত কাম নকৰিব বুলি মন্তব্য কৰি সকলো জাতি জনগোষ্ঠীয়ে এক হৈ থাকিব লাগিব বুলি মন্তব্য কৰিছে আছুৰ সভাপতি দীপাংক নাথে।

ইপিনে অসম জাতিয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে নতুন দল সন্দৰ্ভত বহু গুৰুত্বপুৰ্ণ মন্তব্য আগবঢ়াই হিমন্ত বিশ্ব শৰ্মাই নতুন দল সন্দৰ্ভত কৰা মন্তব্যক ধিক্কাৰ দিয়ে। ২০২১ ৰ চূড়ান্ত খেলখনত ‘কা’ সমৰ্থনকাৰীসকলে গেৰুৱা জাৰ্ছি পিন্ধি জাৰ্ছিত ‘কা’ লিখি খেলপথাৰত নামক আৰু আমি ‘যা’ লিখি খেলপথাৰত নামি বাংলাদেশলৈ বিদায় দিম বুলি তাপপৰ্যপুৰ্ণ মন্তব্য কৰিছে অসম জাতিয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে।
সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত কোকৰাঝাৰৰ গেন্দ্ৰাবিলত কেন্দ্ৰীয় শ্বহীদ দিৱস উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট গায়ক বাবু, আছাৰ সভাপতি ষ্টিফেন লাক্ৰা আদিকে ধৰি কেবাটাও সংগঠনৰ বহুসংখ্যক নেতা উপস্থিত থকাৰ লগতে কেবা সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।