পৰীক্ষা অনুষ্ঠিত নহ’লে কি দৰে শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কৰিব? চৰকাৰক প্ৰশ্ন আছুৰ

0
342
পৰীক্ষা অনুষ্ঠিত নহ'লে কি দৰে শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কৰিব? চৰকাৰক
ফাইল ফটো

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱাক কেন্দ্ৰ কৰি আজি পৰ্যন্ত অসম চৰকাৰে সকলোৰে গ্ৰহণযোগ্য সঠিক সিদ্ধান্ত ল’ব পৰা নাই।

চৰকাৰৰ দোধোৰ মোধোৰ স্থিতিয়ে এতিয়া মেট্ৰিক আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে মানসিক চাপত ভুগিছে বুলি মন্তব্য কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে।

নাথে সংবাদ মাধ্যমৰ আঘত কয়, ‘স্বাস্থ্য বিভাগে পৰীক্ষা অনুষ্ঠিত নকৰা সিদ্ধান্তক চৰকাৰে আদৰণি জনাইছে। পৰীক্ষা অনুষ্ঠিত নহ’লে কি দৰে শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কৰিব সেই সিদ্ধান্ত ল’ব লাগিব’।

ছত্তিছগড়ৰ আকাৰত অসমত পৰীক্ষা অনুষ্ঠিত পৰা নাযায় বুলি মন্তব্য কৰি নাথে কয় যে চি বি এছ ইয়ে মাৰ্ক দিয়াৰ দৰে হয়টো ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ছাত্ৰ-ছাত্ৰীকো নম্বৰ দিব পৰা যাব।

আন এক উদ্বেগজনক কথা উল্লেখ কৰি নাথে কয়, ‘ছেবাৰ ডেৰ লাখ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত বিফল হৈ পুনৰ পৰীক্ষাত বহিব ওলাইছে। তেওঁলোকৰ ওপৰত কি ধৰণে ব্যৱস্থা ল’ব সেয়াও লক্ষ্যণীয়’।

উল্লেখ্য যে ১৮ জুন অৰ্থাত কাইলৈ ৩ বজাত চৰকাৰী পক্ষৰ সৈতে ছাত্ৰ সন্থা লগতে আন আন দল-সংগঠনৰ সৈতে পৰীক্ষা অনুষ্ঠিত হোৱা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক হ’ব।

এই বৈঠক তথা আলোচনাতেই চৰকাৰে এটা চূড়ান্ত সিদ্ধান্ত লোৱাটো ছাত্ৰ সন্থাই বিচাৰে বুলিও উল্লেখ কৰে নাথে। 

ইতিমধ্যে চৰকাৰৰ লেহেমীয়া সিদ্ধান্তৰ বাবে ক্ষুভিত হৈ পৰা পৰিলক্ষিত হৈছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱসকল।  

আৰু পঢ়ক : মাকৰ লগত আত্মীয়ৰ ঘৰত ফুৰিবলৈ যোৱা যুৱকৰ মৃতদেহ জলাশয়ৰ পৰা উদ্ধাৰ…