শ্বেৰমান আলীক আটক কৰাৰ পাছতে অসম আৰক্ষীক ধন্যবাদ আছুৰ সাধাৰণ সম্পাদকৰ

0
660
'কোনে কি পিন্ধিব তাৰ বিৰুদ্ধে নহয়, নগ্নতাৰ বিৰুদ্ধেহে হ'ব লাগে প্ৰতিবাদ
ফাইল ফটো

কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীক আজি দিছপুৰ আৰক্ষীয়ে আটক কৰাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

শংকৰজ্যোতি বৰুৱাই শ্বেৰমানআলীক আটক কৰাৰ পাছতে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে।

আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে অসম প্ৰদেশ কংগ্ৰেছকো শীঘ্ৰে বিধায়ক গৰাকীৰ দলৰ পৰা নিলম্বন কৰাৰ বাবে আহ্বান জনায়।

শ্বেৰমান আলীৰ দৰে ভবিষ্যতে কোনো নেতাই যাতে অসমৰ শ্বহীদ সকলক অপমান কৰিব নোৱাৰে তাৰ বাবে অসম আৰক্ষীক দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ বাবেও শংকৰজ্যোতি বৰুৱাই অনুৰোধ কৰে।

উল্লেখযোগ্য যে, দৰঙৰ গৰুখঁটিৰ উচ্ছেদৰ ঘটনাৰ পাছতে কংগ্ৰছেৰ বিধায়ক গৰাকীয়ে অসম আন্দোলনৰ শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল।

ইয়াৰ পাছতে বিভিন্ন দল-সংগঠনে শ্বেৰমান আলীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল আৰু আজি বিধায়ক আৱাসৰ পৰা শ্বেৰমান আলীক আটক কৰে আৰক্ষীয়ে।

আৰু পঢ়ক : ৰে’ল লাইনত যুৱকৰ শিৰচ্ছেদ কৰা মৃতদেহ উদ্ধাৰ, সোপন্থী উগ্ৰবাদী গোট জড়িত থকাৰ সন্দেহ