১৮ নৱেম্বৰৰ পৰা ৪ দিনীয়াকৈ দুলীয়াজানত আছুৰ কেন্দ্ৰীয় অধিৱেশন…

0
234

দুলীয়াজানত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ছাত্ৰ সন্থাৰ আগন্তুক অধিৱেশনৰ দিন ঘোষণা। সংবাদমেল সম্বোধন কৰি দুলীয়াজানৰ অধিৱেশন ১৮, ১৯, ২০ আৰু ২১ নৱেম্বৰত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।

ইতিমধ্যে এখন অভ্যৰ্থনা সমিতি গঠন কৰাৰ কথাও সদৰি কৰিছে নেতাগৰাকীয়ে। দুলীয়াজান মহাবিদ্যালয়, দুলীয়াজান বালিকা বিদ্যালয়ৰ লগতে ৩ খন খেলপথাৰ এই অধিৱেশনৰ বাবে নিৰ্বাচিত কৰা বুলিও সদৰি কৰিছে আছুৰ নেতাগৰাকীয়ে।

”৩খন খেলপথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন অনুষ্ঠিত হ’ব। সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়াই এই অধিৱেশনত অংশগ্ৰহণ কৰিব। বিভিন্ন পৰিকল্পনা প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰা হৈছে।” গগৈয়ে এনেদৰে কয়।

দুলীয়াজানৰ ঐতিহ্য প্ৰতিফলিত কৰিবপৰাকৈ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে বুলি আছুৰ নেতৃত্বই সদৰি কৰিছে। অধিৱেশনৰ সৈতে সংগতি ৰাখি কেবাখনো গ্ৰন্থ প্ৰকাশ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে বুলিও সদৰি কৰিছে আছু নেতৃত্বই।

”স্মৃতি গ্ৰন্থৰ ওপৰি দুলীয়াজানৰ ঐহিত্য, পৰম্পৰা, কৃষ্টি-সংস্কৃতি প্ৰতিফলন কৰিব পৰাকৈ কেবাখনো গ্ৰন্থ প্ৰকাশ কৰা হ’ব। অসম চিকিতসা মহাবিদ্যায়ৰ আৰ্হিত অভ্যৰ্থনাগৃহ বা অতিথি ভৱন নিৰ্মাণ কৰাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে। জ্যোতি বাটচৰা বা আগতে জ্যোতি প্ৰসাদে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মূল তোৰণ নিৰ্মাণৰ বাবে আৰ্হি ডাঙি ধৰিছিল সেই সমূহক আৰ্হি হিচাপে লৈ তোৰণ নিৰ্মাণ কৰাৰ চিন্তা কৰিছে।” এনেদৰেও আছু নেতৃত্বই কয়। অধিৱেশনতে বিভিন্ন বিষয় সামৰি এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ বাবে পৰিকল্পনা কৰিছে আছুৱে।