”কংগ্ৰেছতকৈ বিজেপি চৰকাৰ বেছি মিছলীয়া,বিজেপিৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত ”

0
95

২৫ চেপ্তেম্বৰত গোসাইগাঁৱত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই বিভিন্ন দাবী উত্থাপন কৰি দুঘন্টীয়া  কাৰ্যসূচীৰে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । অসমত বসবাস কৰি অহা আদিবাসী সকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণকে ধৰি অসমৰ ৮৫৫ খন চাহ বাগিছাৰ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, ৰাজ্যখনৰ বনাঞ্চল আৰু চাহ বাগিছা অঞ্চলত বসবাস কৰা আদিবাসী ৰাইজক শীঘ্ৰে ভূমি পট্টা প্ৰদান কৰা আৰু ৰাজ্যখনৰ চাহ বাগিছাৰ উপৰিও গ্ৰাম্যঞ্চলৰ আদিবাসী অধ্যুষিত এলেকাত হাইস্কুল স্হাপন কৰা দাবীৰ সন্থাটোৱে কোকোৰাঝাৰ জিলা সমিতিৰ উদ্যোগত গোসাইগাঁৱৰ মহকুমাধিপতিৰ কাৰ্য্যলয়ৰ সন্মুখত দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৷

এই প্ৰতিবাদী কাৰ্যসূচীত সন্থাটোৰ প্ৰায় শতাধিক নেতা ,কৰ্মী আৰু সমৰ্থকে অংশ গ্ৰহন কৰি বিজেপি চৰকাৰ হায় !হায় ! বিজেপি চৰকাৰ হুচিয়াৰ ,জনজাতিকৰণ আমাৰ ন্যায্য দাবী ,জনজাতিকৰণ লাগিবই   আদি শ্ল’গানৰে পৰিবেশ উওাল কৰি তোলে ৷

এই প্ৰতিবাদী  কাৰ্যসূচীৰ অন্তত আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইষ্টিফান লাক্ৰাই সংবাদ মাধ্যমৰ আগত কয় যে ”বিজেপি  দলে চৰকাৰ গঠন কৰিলে   আদিবাসীক  জনজাতিকৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷কিন্ত কাৰ্যত প্ৰতিশ্ৰুতিবোৰ ফুটকাৰ ফেনলৈ ৰূপান্তিৰত হ’ল ৷ আদিবাসী জনগোষ্ঠীক বিজেপি  দিয়া এটা প্ৰতিশ্ৰুতি  পূৰণ নকৰিলে ৷ কংগ্ৰেছ চৰকাৰতকৈ বেছি মিছলীয়া বিজেপি চৰকাৰ” ৷

Photo credit : Time8