28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    TIME8 ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে বালিৰাম পথাৰৰ ভুক্তভোগীৰ কাষত উপস্থিত হ’ল আমছু

    TIME8 ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে বালিৰাম পথাৰৰ ভুক্তভোগীৰ কাষত উপস্থিত হ’ল আমছু

    হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত বালিৰাম পথাৰ গ্রেজিং ৰিজার্ভত উপস্থিত হৈছে আমছুৰ সজাতিৰ এটা দল।

    বালিৰাম পথাৰৰ গ্রেজিং ৰিজার্ভত একাংশ লোকে দীৰ্ঘদিনৰ পৰা বসবাস কৰি আহিছে ।হঠাৎ এই লোক সকলক প্রশাসনে উচ্ছেদৰ জাননী দিয়ে।

    উচ্ছেদৰ জাননী ঘৰে ঘৰে নিদি গা়ঁৱখনৰ গছত আৰু বিদ্যুৎৰ খুটাত জাননী আৰি বেদখলকাৰী লোক সকলক পোন্ধৰ দিনৰ ভিতৰত বেদখল মুক্ত কৰাৰ নির্দেশ প্রদান কৰে হোজাই প্রশাসনে।

    ইয়াকলৈ সমগ্ৰ হোজাই জিলাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

    এই সন্দৰ্ভত TIME8 তো বাতৰি সম্প্ৰচাৰ হৈছিল। ইয়াৰ পাছতে হোজাই জিলা আমছুৰ এটা সজাতি দল গৈ উপস্থিত হয় বালিৰাম পথাৰত।

    আমছুৰ কেন্দ্ৰীয় সমিতিৰ মনোৱাৰ হুছেইনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

    ইফালে এটা সপ্তাহ পাছতে এই সকল কণ কণ ছাত্ৰ ছাত্ৰীৰ বছৰেকীয়া পৰীক্ষা ।

    পৰীক্ষাৰ প্রাক মূহুৰ্ততে প্রশাসনে ঘৰখন ভাঙি দিয়াৰ ভয়ত শংকিত আৰু আতংকিত হৈ পৰিছে ‌।।

    ইফালে আমছুৰ দাবী এইসকল লোকক চৰকাৰে প্রথমে পুণৰ সংস্থাপিত কৰাৰ ব্যৱস্থা কৰক তাৰ পাছত উচ্ছেদ কৰক। নহলে এনেদৰে উচ্ছেদ কৰিবলৈ দিয়া নহ’ব। প্রয়োজনত আইনৰ আশ্ৰয় ল’ব ।প্রয়োজনত গনতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

    উল্লেখযোগ্য যে, এই লোক সকল মৰিগাঁও জিলাৰ লাহৰিঘাটৰ চৰ অঞ্চলত পূর্বে বসবাস কৰিছিল।বান পানী আৰু গঢ়াখহনীয়াই এওলোকৰ ঘৰ দুৱাৰ উটুৱাই লৈ যোৱাৰ পাছতে হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত বালিৰাম পথাৰ গাঁৱত একাংশ স্থানীয় লোকৰ পৰা এই ভূমিখিনি ক্রয় কৰি লৈছিল বুলি জানিবলৈ দিয়ে।।

    আৰু পঢ়ক : ৰাজনীতিবিদ হিচাপে নহয় সমাজকৰ্মী হিচাপে পথ মেৰামতি কৰিলে জীৱন চুতীয়াই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং