28 C
Guwahati
Thursday, September 29, 2022
More

    ‘তোমাক বিচাৰি ভাগৰি পৰিছো বাবা, ঘৰলৈ উভতি আহা’- কান্দি কান্দি পুত্ৰক কাতৰে আহ্বান পিতৃ-মাতৃৰ

    ‘তোমাক বিচাৰি ভাগৰি পৰিছো বাবা, ঘৰলৈ উভতি আহা’- কান্দি কান্দি পুত্ৰক কাতৰে আহ্বান পিতৃ-মাতৃৰ।

    এমাহে ধৰি কোনো খা-খবৰ নাই পুত্ৰৰ। যাৰ বাবে সাংবাদিকৰ কেমেৰা দেখি কান্দোনত ভাগি পৰা পিতৃ-মাতৃৰ আহ্বান- সঞ্জু ভাগৰি গৈছো তোমাক বিচাৰি, তুমি পৰিয়ালটোলৈ চকু মেলি চোৱা, আমাৰ মাজলৈ উভতি আহা”

    বৰযাত্ৰীৰ লগত গৈ সন্ধানহীন হৈছিল সঞ্জু নামৰ এজন যুৱক। এমাহ ১০ দিন উকলি যোৱাৰ পাছতো ঘুৰি নাহিল নাৰায়ণপুৰৰ মেধাৱী ছাত্ৰ।

    নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চৌদ্ধপুনিয়াৰ এজন ছাত্ৰ বিগত ৮ জুলাইৰ নিশাৰে পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

    জানিব পৰা মতে বিহপুৰীয়াৰ গন্ধীয়া গাঁৱৰ কইনাৰ ঘৰলৈ বৰৰযাত্ৰী হিচাপে গৈ নিখোজ হৈ আছে স্থানীয় চৌদ্ধপুনিয়াৰ প্ৰফুল্ল দত্তৰ কনিষ্ঠ পুত্ৰ তথা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ ষষ্ঠ ষাণ্মাষিকৰ ছাত্ৰ চিত্ৰৰঞ্জন দত্ত ৷

    নিজ গাঁৱৰে এজন লোকৰ বিয়াৰ বৰযাত্ৰী হিচাপে লগৰীয়াৰ লগত কইনাৰ ঘৰলৈ গৈছিল মেধাৱী ছাত্ৰ জন । কিন্তু নিশা কইনাৰ ঘৰত ভাত খোৱাৰ পিছৰে পৰাই নিৰুদিষ্ট হৈ আছে ছাত্ৰজন ।

    ইতিমধ্যে পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত বিহপুৰীয়া আৰক্ষীয়ে গাঁৱৰে ৭ জন লগৰীয়াক গ্ৰেপ্তাৰ কৰিছিল যদিও পৰৱৰ্তী সময়ত কেউজনেই জামিনত মুক্তিলাভ কৰে।

    ইমানৰ পিছতো আজি এমাহ দহ ধৰি কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ছাত্ৰ জনৰ ৷ ছাত্ৰ জনৰ ঘৰ খনত এতিয়া কেৱল কান্দোনৰ ৰোল।

    আৰক্ষী প্ৰশাসনৰ ওপৰত একপ্ৰকাৰ আস্থা হেৰুৱাই অৱশেষত ছাত্ৰ জনক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান পিতৃ-মাতৃৰ।

    Input and Photo – Bitopan Phukan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং