29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    শিক্ষা গ্ৰহণৰ বাবে অহা আফ্ৰিকা মহাদেশৰ যুৱতীয়ে শিৱসাগৰত জন্ম দিলে সন্তান

    জন্ম, মৃত্যু আৰু বিবাহ মানুহৰ ইচ্ছাৰ দ্বাৰা নহয় কিন্তু ভাগ্যৰ লিখনৰ দ্বাৰা বাস্তৱ হয়। এনে এক জন্মৰ ঘটনা সংঘটিত হ’ল শিৱসাগৰত । শিক্ষা গ্ৰহণৰ বাবে অহা আফ্ৰিকা মহাদেশৰ যুৱতীয়ে শিৱসাগৰত জন্ম দিলে সন্তান। আফ্ৰিকাৰ নামিবীয়াৰ যুৱতীগৰাকীয়ে আদিত্য চিকিৎসালয়ত প্ৰসৱ কৰিলে এটি পুত্ৰ সন্তান।

    শিৱসাগৰ নগৰৰ আদিত্য নাৰ্ছিং হোম নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় খনত যোৱা বৃহস্পতিবাৰে নামিবীয়া দেশৰ নাগৰিক লীনা ডাপাণ্ডুলা আছিনু নামৰ এগৰাকী ৩২ বছৰীয়া যুৱতীয়ে এক পুত্ৰ সন্তান প্ৰসৱ কৰে।

    চিজাৰিয়ান পদ্ধতিৰে উক্ত প্ৰসৱ সম্ভৱ কৰে চিকিৎসক প্ৰশান্ত প্ৰতীম শৰ্মা, ললিত বৰা, বন্দনা গুপ্তা, শ্ৰীমন্ত লাহন, ফনীন্দ্ৰ গগৈ আৰু সুৰজিত গিৰীৰ দলে।

    পৰিয়ালৰ কোনো সদস্য নথকাৰ অৱস্থাত এগৰাকী বিদেশী লোকৰ চিজেৰিয়ান প্ৰসৱ কৰা কাম যথেষ্ট প্ৰত্যাহ্বানমূলক যদিও সফলতাৰে সম্পন্ন হল বুলি চিকিৎসক শৰ্মাই জানিব দিয়ে।

    ভাৰত চৰকাৰৰ শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমাৰ অন্তৰ্গত এক জলপানি লৈ আফ্ৰিকা মহাদেশৰ লীনা ডাপাণ্ডুলা আছিনু নামৰ যুৱতী গৰাকী শিৱসাগৰৰ পলাসনী স্থিত ৰাজীৱ গান্ধী পেট্ৰলিয়াম প্ৰতিষ্ঠানত এবছৰীয়া এমবিএ ডিপ্লমাৰ শিক্ষা গ্ৰহণ কৰি আছিল।

    বিগত বছৰত নামভৰ্তি কৰা কিন্তু কৰণা অতিমাৰীৰ বাবে শ্ৰেণী শিক্ষা নোহোৱাৰ ফলত অন্তঃসত্বা হোৱাৰ স্বত্বেও চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত শিক্ষা গ্ৰহণৰ বাবে শিৱসাগৰত উপস্থিত হয়।

    কিন্তু আকৌ অতিমাৰীয়ে ভাৰতৰ পৰিস্থিতি বিকল কৰি তোলাত অৱশেষত শিৱসাগৰতে সন্তান প্ৰসৱ কৰে লীনই। বৰ্তমান সুস্থ প্ৰসূতি আৰু সন্তানক লৈ সন্তুষ্টি ব্যক্ত কৰিছে লীনাৰ সহপাঠী তথা বন্ধুৱে।

    শিৱসাগৰত সম্পন্ন হোৱা চিকিৎসা, অস্ত্ৰোপচাৰ আৰু মেডিকেল দলৰ কামত সন্তুষ্টি প্ৰকাশ কৰি চিকিৎসা ব্যৱস্থাৰ শলাগ লৈ লীনাই শিৱসাগৰৰ সকলো চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।

    আনহাতে নামিবীয়াৰ যুৱতী গৰাকীয়ে ভাৰতত সন্তান জন্ম দিয়াৰ লগে লগে জন্মসূত্ৰে এগৰাকী আফ্ৰিকান মূলৰ লোকে ভাৰতৰ নাগৰিকত্ব লাভ কৰিলে বুলি সৰৱ আলোচনা চলিছে। উল্লেখযোগ্য যে, লীনাৰ এইটো দ্বিতীয় সন্তান।

    Input and Photo- Sanjay Pareek

    আৰু পঢ়ক : মথাউৰি পৰিদৰ্শন কৰি ঠিকাদাৰক মন্ত্ৰী পীযুষ হাজৰিকাৰ ধমক- ‘সময়মতে কাম কৰক অন্যথা অনুজ্ঞাপত্ৰ বাতিল হ’ব’

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published