
ৰঙিয়াৰ এজন যুৱকে কিনিলে ‘পাঠান’ৰ ১৯২টা টিকট! ইমানবোৰ টিকট কিয় তেওঁ অকলে কিনাৰ কাৰণে আচৰিত কৰি তুলিব আপোনাকো…
‘‘শ্বাহৰুক খানক বহুদিনৰ মূৰত পৰ্দাত দেখিম। কোনোবাই প্ৰতিবাদ কৰে, কোনোবাই বয়কট কৰে কৰি থাকক। আমি শ্বাহৰুখ খানক চাব যামেই।’’ – এনেদৰে মন্তব্য কৰিলে শ্বাহৰুখ খানৰ এগৰাকী অনুৰাগীয়ে।
শ্বাহৰুখ খানৰ ‘পাঠান’ ছবিখনৰ চাৰিওফালে বিতৰ্ক হৈ থকাৰ মাজতে ৰঙিয়াৰ কেন্দুকোণাৰ নিবাসী ফাৰুক খানে ৰঙিয়াৰ ডিলাইট গোল্ড চিনেমা হলৰ ১৯২টা টিকট ক্ৰয় কৰিছে। আগতীয়াকৈ ক্ৰয় কৰা এই টিকটখিনি হলটোৰ সৰ্বমুঠ টিকটৰ ৮০ শতাংশ।
তেওঁ নিজৰ লগতে পৰিয়াল বৰ্গ আৰু বন্ধু-বান্ধৱৰ সৈতে চিনেমাখন উপভোগ কৰিব বুলি মত প্ৰকাশ কৰিছে। অতি আনন্দ মনেৰে টিকটখিনি তেওঁ হাতত লৈছে আৰু ইয়াৰ লগত ফটো উঠি সামাজিক মাধ্যমত ফটোসমূহ ছেয়াৰ কৰিছে।