বন্ধুৰ সৈতে নৌকাবিহাৰ কৰিবলৈ গৈ যুৱকৰ সলিল সমাধি

0
84

উত্তৰ গুৱাহাটী ভেটামুখত অঘটন। বন্ধি সৈতে বিলত নৌকাবিহাৰ কৰিবলৈ গৈ সলিল সমাধি এজন যুৱকৰ। নিতুল আলি নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে ৰাইজে।

যুৱক-যুৱতীসহ চাৰিজনীয়া বন্ধুৰ এটা দল গৈছিল ভেটামুখৰ এটা বিলত নৌকাবিহাৰ কৰিবলৈ। পিছে কোনো পাকত নাও ডুবি কেউজনেই পানীত পৰি ককবকাই থাকে। স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে এই দৃশ্য দেখি ততাতৈয়াকৈ চাৰিওকে উদ্ধাৰৰ বাবে নামে অন্য লোকেও এই কাৰ্যত সহায় কৰি, যদিও নিতুল আলিয়ে তেতিয়া লৈ প্ৰাণ ত্যাগ কৰে

বাকি অন্য তিনিজন ক্ৰমে দীপামনি বৰ্মন (সৰুপেটা), অমৰ দৈমাৰী আৰু অংশুমান দৈমাৰী (ওদালগুৰি) জীৱন্তে উদ্ধাৰ কৰে স্থানীয় লোকে। আৰক্ষীয়ে তদন্তৰ বাবে ঘটনাস্থলিত উপস্থিত হৈছে। লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিছে। বৰ্তমানে সমগ্ৰ ঘটনাই শোকৰ ছাঁ পেলাইছে উত্তৰ গুৱাহাটীৰ ভেটামুখ অঞ্চলত।

Photo Credit: @nitopammedhi