
গোলাঘাট জিলাৰ সৰুপথাৰ ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ অধীনত থকা অসম নাগালেণ্ড সীমান্তৰ ৰজা পুখুৰীৰ এটা SBI গ্ৰাহক সেৱা কেন্দ্ৰত অঘটন। দেশত মহামাৰী কৰ’ণা ভাইৰাছে সন্ত্রাস সৃষ্টি কৰাৰ ফলত দেশত চলি আছে লকডাউন। এই লকডাউনৰ সময়ত প্ৰধান মন্ত্ৰী জন ধন আঁচনিৰ ধন উলিয়াবলৈ আহি গ্ৰাহক সেৱা কেন্দ্ৰত শাৰী পাতি থকা অৱস্থাতে মৃত্যুক সাৱটিলে এগৰাকী ৬০ উৰ্দ্ধৰ মহিলাই।
কেন্দ্রটোৰ বিষয়াজনে জনোৱামতে মহিলাগৰাকীৰ যোৱা দুদিনৰ পৰা উচ্চ ৰক্তচাপত ভূগি আছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছিল কেন্দ্ৰটোৰ বিষয়াজনক। পিছত গ্ৰাহক সেৱা কেন্দ্ৰটোত প্ৰশাসনৰ লোক গৈ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়| মৃত্যু হোৱা মহিলা গৰাকী তপন গড় বুলি জানিব পৰা গৈছে।
লকডাউনৰ ফলত দৰিদ্ৰ পৰিয়ালটোৰ চলিবলৈ কিছু অসুবিধা হোৱাত প্ৰধানমন্ত্ৰীৰ জন ধন আঁচনিৰ ধন উলিয়াবলৈ আহি মৃত্যু হোৱা ঘটনাই অঞ্চলটিত শোকৰ ছাঁ পেলাইছে।
Photo Credit: Quora