কেৰালাৰ পৰা আহি থাকোতেই ৰে’লৰ ভিতৰতেই সন্তান জন্ম দিলে মেৰাপানীৰ মহিলাই

গৰ্ভৱতী মহিলাগৰাকীয়ে শুকুৰবাৰে ৰে'লযোগে কেৰালাৰ পৰা নিজগৃহলৈ আহি থকাৰ সময়ত বৰপেটাৰোডৰ ৰে'লৱে ষ্টেচনত ৰে'লৰ দবাৰ ভিতৰতেই এটি কন্যা সন্তানৰ জন্ম দিয়ে

0
307

কেৰালাৰ পৰা আহি থাকোতেই ৰে’লৰ ভিতৰতেই সন্তান জন্ম দিলে মেৰাপানীৰ এগৰাকী মহিলাই। লকডাউনৰ ফলত কেৰালাত আৱদ্ধ হৈ পৰিছিল মহিলা গৰাকী।

মহিলাগৰাকীয়ে ৰে’লযোগে অসমত থকা নিজ ঘৰলৈ আহি থকা সময়ত সোমবাৰে ৰে’লৰ ডবাৰ ভিতৰতে সন্তান জন্ম দিবলগীয়া ঘটনা সংঘটিত হৈছে ৷

মহিলাগৰাকীৰ নাম নিমা চেতীয়া ৷ মহিলাগৰাকীৰ ঘৰ গোলাঘাট জিলাৰ মেৰাপানীত বুলি জানিব পৰা গৈছে ৷

কেৰালাৰ পৰা শ্ৰমিক বিশেষ ৰে’লযোগে আহি থকা সময়ত সোমবাৰে পুৱা ৰে’লখন বৰপেটাৰোড ৰেলৱে ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে মহিলা গৰাকী প্ৰসৱ বেদনা আৰম্ভ হ’বলৈ ধৰে৷

ঠিক তেনে সময়তে মহিলাগৰাকীয়ে ৰে’লৰ ডবাৰ ভিতৰতেই এটি কন্যা সন্তান জন্ম দিয়ে ৷

মহিলাগৰাকীৰ লগত অইন কোনো লোক নথকাৰ ফলত বৰপেটাৰোডৰ ৰে’লৱে ষ্টেচন কৰ্তৃপক্ষই ১০৮ক খবৰ দি শিশু আৰু মাতৃক বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰায়৷

জন্ম দিয়া কন্যা সন্তানটিৰ লগতে মহিলা গৰাকী বৰপেটাৰোডৰ চিকিৎসালয়ত সম্প্ৰতি সুস্থ অৱস্থাত আছে বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷

গোলাঘাটৰ মেৰাপানীৰ পৰা গৈ মহিলাগৰাকী গিৰীয়েক ভাইটি চেতীয়াৰ সৈতে কেৰালাৰ টাইলছ কোম্পানীত কৰ্মৰত আছিল ৷

লকডাউনৰ পূৰ্বে নিমা চেতীয়া নামৰ মহিলাগৰাকীৰ গিৰীয়েক ভাইটি চেতীয়াই বিশেষ কামত মেৰাপানীস্থিত নিজ ঘৰলৈ আহিছিল যদিও লকডাউনৰ বাবে অসমতে আৱদ্ধ হৈ পৰে৷

সেয়ে গৰ্ভৱতী মহিলা নিমা চেতীয়াই যোৱা শুকুৰবাৰে শ্ৰমিক স্পেচিয়েল ৰে’লযোগে কেৰালাৰ পৰা নিজগৃহলৈ আহি থকাৰ সময়ত বৰপেটাৰোডৰ ৰেলৱে ষ্টেচনত ৰে’লৰ দবাৰ ভিতৰতেই এটি কন্যা সন্তানৰ জন্ম দিয়ে৷

Photo Credit: Time8news