এটি কিশোৰৰ মৃত্যুৰ কাৰণ বুলি মহিলাক ডাইনী সজাই নিৰ্মম অত্যাচাৰ

ব্লেদেৰে ৰেপি ৰেপি মাৰি পেলাম বুলিও কয় উন্মত্ত ৰাইজে

0
177
Photo: Time8
Photo: Time8

মঙলদৈত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। ডাইনীৰ সন্দেহত মঙলদৈৰ বঙলাগড় বাগানত এজনী মহিলাক নিৰ্মম অত্যাচাৰ। মহিলাগৰাকীৰ চুলি কাটি পেলোৱাৰ লগতে মাৰধৰ কৰে একাংশ ৰাইজে। বাগানখনৰ লোকসকলৰ মাজত সংঘটিত হ’ল এই নিৰ্মম ঘটনা। নিৰ্মমভাৱে অত্যাচাৰ কৰাৰ ঘটনা নিজ মুখেৰেই স্বীকাৰ কৰিলে উক্ত অঞ্চলৰ ৰাইজে। আনকি ব্লেদেৰে ৰেপি ৰেপি মাৰি পেলাম বুলিও কয় উন্মত্ত ৰাইজে ।

উক্ত অঞ্চলৰে একাংশ সচেতন ৰাইজে উদ্ধাৰৰ চেষ্টা কৰি মঙলদৈ আৰক্ষীক খবৰ দিয়ে। কিন্তু নাতি দূৰতে থকা মঙলদৈ থানাৰ পৰা আৰক্ষী গৈ পোৱাত যথেষ্ট পলম হোৱাৰ অভিযোগ সচেতন ৰাইজৰ। আৰক্ষী আৰু সহৃদয়ৱান লোকৰ প্ৰচেষ্টাত পঞ্চাছ উৰ্দ্ধৰ ফুলমনি নায়ক নামৰ মহিলাগৰাকী মৃত্যুমুখৰ পৰা উদ্ধাৰ হয়।

ঘটনা অনুসৰি কেইদিনমান আগতে বাগানৰ ভিতৰৰ এটা পৰিয়ালৰ এজন কিশোৰৰ অসুখ হৈ আছিল। বহু চিকিৎসক, বেজ কবিৰাজক দেখুৱাৰ পিছতো ভাল নহ’ল কিশোৰগৰাকীৰ। অৱশেষত কিশোৰটিৰ মৃত্যু হয়। আনফালে ফুলমনি নায়কক ডাইনী সন্দেহ কৰি এই কিশোৰটিৰ মৃত্যুৰ কাৰণ ফুলমনি নায়ক বুলিয়ে এনেদৰে অত্যাচাৰ কৰে পাষাণ হৃদয়ৰ লোকসকলে। কিছু পলমকৈ হ’লেও মঙলদৈ আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে।

  • মঙলদৈৰ পৰা কিশোৰ কলিতাৰ প্ৰতিবেদন