
নলবাৰীত ৰভাৰ স্থলীতে ভংগ হ’ল এখন বিবাহ ! সুৰামত্ত দৰাক দেখি বিয়া নোহোৱাৰ সিদ্ধান্ত কইনাৰ
নলবাৰীৰ এখন বিবাহক লৈ এতিয়া চাৰিওফালে চৰ্চা চলিছে। দৰাচলতে যুগ্ম জীৱনৰ পাতনি মেলাৰ পূৰ্বেই হৃদয় ভাঙিল এগৰাকী কইনাৰ । জানিব পৰা মতে নলবাৰী বৰখানাজানত এখন বিবাহৰ কাৰ্যসূচী সমূহ চলি আছিলে। কিন্তু নিশা যেতিয়া দৰাই কইনা নিবলৈ আহিছিল তেতিয়া দৰা সুৰামত্ত অৱস্থাত আছিলে।
গাড়ীৰ পৰা নামি আহিবৰ সময়টো দৰাই নিজেই নামি আহিব পৰা নাছিলে।ধৰি ধৰি ৰভাৰ স্থলীত বহুৱাইছিল দৰাক।কিন্তু সুৰাৰাগীত ৰভাৰ স্থলীত স্থিৰে বহি থাকিব পৰা নাছিল দৰাই।
আৰু এটা সময়ত মদৰ নিচাত বহি থকা স্থানতে ঢলি পৰিল দৰা। তাৰ পিছত মদৰ ৰাগীত ৰাগিয়াল দৰাৰ অৱস্থা লক্ষ্য কৰি বিবাহ নোহোৱাৰ সিদ্ধান্ত লয় কইনাই।পিছত গাওঁবুঢ়া মাতি বিয়াখন ভংগ কৰা হয়।