
টকাৰ বৰষুণ বোৱা এখন গাঁও! এছিয়াৰ মহাদেশৰ আটাইতকৈ ধনী গাঁও হিচাপে স্বীকৃত গাঁওখনৰ প্ৰতিজন লোকেই কোটিপতি, কিন্তু কেনেকৈ সম্ভৱ…
হয়তো কিছুমান আজৱ ঘটনা ঘটি থাকে আমাৰ চাৰিওফালে, কিন্তু আজি আজৱ নহয়, এক সচাঁ ঘটনাৰ কথাহে আপোনালোকক আগত প্ৰকাশ কৰিব বিচাৰিছো। হয় এখন অতি ধনী গাওঁৰ কথা।
ছিমলাৰ পৰা ৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এছিয়াৰ মহাদেশৰ আটাইতকৈ ধনী গাঁও হিচাপে স্বীকৃত মাদাভাগ নামৰ এই গাঁওখন।
এই গাওঁখনৰ লোকৰ জীৱনশৈলী দেখিলে আপুনিও হয়তো আচৰিত হ’ব। কাৰণ গাঁওখনৰ বাসিন্দাসকলৰ বিলাসী ঘৰ আৰু দামী বাহন দেখি আপুনি ভাবিব নোৱাৰে যে তেওঁলোকৰ জীৱিকা খেতি।
হয় ২৩০টা পৰিয়াল থকা এই গাঁওখনৰ সৌভাগ্য কঢ়িয়াই আনিছে উদ্যান শস্যৰ খেতিৰেই। গাওঁখনৰ বাসিন্দাসকলে বছৰি ১৭৫ কোটি টকাৰ আপেল বিক্ৰী কৰে।
গতিকে গাঁওখনৰ প্ৰতিজন কৃষক কোটিপতি। গাঁওখনৰ কৃষক পৰিয়ালসমূহৰ বাৰ্ষিক আয় ৩৫ৰ পৰা ৮০ লাখ টকা। এই কাৰণেই এতিয়া এই গাঁওখন এছিয়াৰ আটাইতকৈ চহকী গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে।