
এদিন দিন হাজিৰা নকৰিলে চৌকা নজ্বলে ঘৰটোত। এদিন হাজিৰা কৰিব নাপালেই নিশা লঘোনে থাকে পৰিয়ালটো।
এই পৰিয়ালটোৰেই সন্তান লেখন নাথ উজলিল হাইস্কুল শেষান্ত পৰীক্ষাত।
লখিমপুৰৰ নাওবৈচাৰ ২নং খলিহামাৰীৰ লেখন নাথে কালি ঘোষণা কৰা মেট্ৰিকৰ ফলাফলত চাৰিটা বিষয়ত লেটাৰ নম্বৰ সহ ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হৈছে।
নাছিল ব্যক্তিগত সহায়ক বা অন্য কোনো সহায়ক পুথি। ঘৰতেই কেৱল পাঠ্যপুথি পঢ়িয়েই বিদ্যালয়ৰ শিক্ষকৰ সহায়ত এই সফলতা লেখনৰ।
ভৱিষ্যতে বিজ্ঞান বিষয়ত অধ্যয়ন কৰাৰ ইচ্ছা ডিষ্টিংচন লাভ কৰি উত্তীৰ্ণ হোৱা লেখনৰ।
পিছে অন্য পিতৃ-মাতৃৰ লেখিয়াকৈ লেখনৰ সফলতাত আনন্দৰ পৰিৱৰ্তে দিন হাজিৰা কৰা পিতৃ-মাতৃৰ চকুত চকুলো।
কাৰণ আৰ্থিক দৈন্যতাৰ বাবে মেধাসম্পন্ন লেখনৰ উচ্চ শিক্ষাক লৈ এতিয়া চিন্তিত অসহায় পিতৃ-মাতৃ।
Photo credit: @hassinuralom