অনন্য শাহু, বৰপুত্ৰৰ মৃত্যু হোৱাত বিধৱা বোৱাৰীক সৰু পুত্ৰৰ সৈতে বিয়া পাতি দিলে শাহুৱে

0
23253

অনন্য শাহু, বৰপুত্ৰৰ মৃত্যু হোৱাত বিধৱা বোৱাৰীক সৰু পুত্ৰৰ সৈতে বিয়া পাতি দিলে শাহুৱে।

যি সময়ত শাহু শহুৰৰ অত্যাচাৰৰ বলি হোৱা বোৱাৰীৰ বাতৰি শিৰোনাম দখল কৰি আহিছে, সেই সময়ত দৰঙত দেখা গল এক ব্যতিক্ৰম।

বিধবা বোৱাৰীক নিজৰ ছোৱালীৰ দৰে ৰাখি সৰ্বসন্মতি সাপেক্ষে পুনৰ নিজৰ সৰু পুত্ৰৰ সৈতে পাতি দিলে বিয়া।

এই ঘটনা মংগলদৈ পৰাগ নগৰৰ। জুলা চলিহা আৰু বংশীধৰ চলিহাৰ বৰ পুত্ৰই চলিত বৰ্ষৰে বিগত জানুৱাৰী মাহত কভিড আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল।

যাৰ ফলত বিধবা হৈছিল কম বয়সীয়া বোৱাৰী গৰাকী। মহা চিন্তাত পৰিছিল শাহু শহুৰ।

কিন্তু বোৱাৰীক পুত্ৰৰ মৃত্যুৰ বাবে দায়ী নকৰি শাহু-শহুৰে নিজ ছোৱালীৰ দৰে মনোবল দি গৈছিল সকলোসময়তে।

সেয়েহে অৱশেষত তেওঁলোকে আলোচনা কৰি সৰু পুত্ৰক দিলে বোৱাৰীক বিয়াৰ প্ৰস্তাৱ। লগতে বোৱাৰীৰ পৰাও সন্মতি বিচাৰিলে।

অৱশেষত দুয়ো মান্তি হোৱাত সৰ্বসন্মতি সাপেক্ষে বিয়া পাতি দিলে দুয়োৰে। এই বিয়াক লৈ এতিয়া সুখী দৰা জ্যোতিপ্ৰসাদ চলিহা। অন্যহাতে নিজৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে কইনা বোৱাৰী বন্দনা চালিহাও সুখী।

মংগলদৈ সনাতন ধৰ্ম সভাৰ বিষ্ণু মন্দিৰত আজি মাল্যাৰ্পন কৰি বিবাহ সম্পন্ন কৰা হয় দুয়োৰে।

উল্লেখ্য যে সমাজৰ শাহু বোৱাৰীৰ যি সংঘাত চলে তাৰ বিপৰীতে জুলা চলিহা আৰু বংশীধৰ চলিহা এক আদৰ্শ বুলি কব পাৰি।

Input and Photo – Kishor Kalita