33 C
Guwahati
Tuesday, September 27, 2022
More

    দাঢ়ি কাটিম বুলি লগত এজনক লৈ ওলাই আহি নদীত জাপ দিলে বিজয় দত্তই

    দাঢ়ি কাটিম বুলি লগত এজনক লৈ ওলাই আহি নদীত জাপ দিলে বিজয় দত্তই। কেইবাজনৰো লোকৰ সমুখতেই নদীৰ বুকুক বিলীন হৈ যায় দত্ত।

    গেলাঘাট জিলাৰ দেৰগাঁৱত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নদীত জপিয়ালে এজন শিক্ষকে ।

    নদীত জপিয়াই সন্ধানহীন হোৱা শিক্ষক জনৰ নাম বিজয় দত্ত । দেৰগাৱঁৰ গেলাবিল নদীৰ পকী দলঙৰ ওপৰৰ পৰা নদীত জাপ দিয়ে শিক্ষক বিজয় দত্তই।

    As 05 Q 4472 নম্বৰৰ এখন গাড়ীত আহিছিল বিজয় দত্ত । লগত আছিল এজন পৰিয়ালৰ লোক। দাঢ়ি কাটিম বুলি লগত লৈ আহিছিল লোকগৰাকীক।

    পাছে দাঢ়ি নাকাটি গাড়ীত তেল ভৰাই নদীৰ কাষলৈ আহিছিল। নদীৰ কাষত বাহন ৰাখিবলৈ কৈ চানা খোৱাৰ ইচ্ছা প্ৰকাশ কৰি চানা আনিবলৈ বুলি পঠিয়াই কিছু আতৰি যাওতেই নদীপ জাপ দিলে শিক্ষক বিজয় দত্তই ।

    লোকগৰাকীৰ চকুৰ আগতেই নদীত জাপ দিয়ে দত্তই। কিন্তু দলঙৰ কাষ পাই মানে নদীৰ পানীত নোহোৱা হৈ পৰে দত্ত। অন্য লোকেও চিঞৰি থাকি নদীৰ পৰা উঠি অহাৰ বাবে।

    ঘটনা সন্দৰ্ভত পাছত আৰক্ষীক খবৰ কৰা হয়। আৰক্ষী উপস্থিত হৈ বিচাৰ খোচাৰ আৰম্ভ কৰে যদিও এতিয়াও নদীৰ পৰা উদ্ধাৰ কৰিব পৰা নাই শিক্ষক জনক।

    এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দেৰগাৱঁত। জানিব পৰা মতে কোনো ৰোগত আক্ৰান্ত হৈ আছিল শিক্ষকগৰাকী। যাৰ বাবে কিছু মানসিক অশান্তিৰ মাজত আছিল।

    Input and Photo – Abhijit Bora

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং