কাঠফুলা খেতিৰে লাখ টকা উপাৰ্জনৰ লগতে আনকো কৰ্ম সংস্থাপন দিছে টিংখাঙৰ এগৰাকী মহিলাই

স্বামীৰ উপাৰ্জনক আশা নকৰি নিজেই উপাৰ্জন কৰি স্বামীৰ সমানে সমানে পৰিয়াল চলোৱাত সহায় কৰি অহা মহিলাগৰাকী আনৰো হৈ পৰিছে আদৰ্শ

0
109

কাঠফুলাৰ খেতি কৰি স্বাৱলম্বীতাৰ এক নিদৰ্শন দাঙি ধৰিছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ মল্লিকা গগৈ মেচে । টিংখাং ধমন শালমাৰিৰ এই মহিলাগৰাকীয়ে বিগত দুটা বছৰ ধৰি কৰি আহিছে কাঠফুলা খেতি। অতি কম মূলধন বিনিয়োগ কৰি মাহেকত যথেষ্ট পৰিমাণে ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মহিলাগৰাকীয়ে।

স্বামীৰ উপাৰ্জনক আশা নকৰি নিজেই উপাৰ্জন কৰি স্বামীৰ সমানে সমানে পৰিয়াল চলোৱাত সহায় কৰি আহিছে মল্লিকাই। নিজ ঘৰতে অতি কম মূলধনেৰে কাঠফুলা উৎপাদন কৰি বজাৰত বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰে মল্লিকা গগৈ মেচে। মল্লিকাই বছৰি লাখ টকা উপাৰ্জন কৰাৰ লগতে অসমৰ মহিলাৰ বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ।

বৰ্তমান বজাৰত প্ৰতি কেজি কাঠফুলা প্ৰায় দুশ টকাত বিক্ৰী হৈছে । আনহাতে গাঁৱৰে কেইবাগৰাকী মহিলাক প্ৰশিক্ষন দিয়াৰ লগতে কৰ্ম সংস্থাপনো দিছে মল্লিকা গগৈ মেচে । চৰকাৰী সাহায্য অবিহনে গ্ৰাম্য অৰ্থনীতিত প্ৰচুৰ সম্ভাৱনাৰ সূচনা কৰিছে এইগৰাকী মহিলাই।

Photo Credit:@dipokmahmora