
নগাওঁৰ ৰামানুজনৰ জিনিয়ৰ কলেজৰ ছাত্র নিৰুদ্দেশ! ঘৰৰ পৰা বাছেৰে গৈ থাকোতেই নিৰুদ্দেশ, ছাত্র জনৰ ঘৰত এতিয়া কান্দোনৰ ৰোল…
দৰঙৰ ঔতলাৰ এজন ছাত্র নিৰুদ্দেশ হৈছে। ছাত্র জনৰ ঘৰত এতিয়া কান্দোনৰ ৰোল। নিৰুদ্দেশ হোৱা ছাত্ৰ জন নগাওঁৰ ৰামানুজনৰ জিনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত।
বাছেৰে নগাঁওলৈ গৈ থকা সময়ত নিৰুদ্দেশ হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। ছাত্র জন ঔটলা গাঁওৰ ত্ৰিদীপ কলিতা বুলি জানিব পৰা গৈছে। দৰঙৰ মঙলদৈ সদৰ থানাৰ অন্তৰ্গত ঔতলাৰ ত্ৰিদিপ কলিতা নামৰ ছাত্র এজন শনিবাৰ(২৮/১/২০২৩) ৰ পৰা সন্ধানহীন হৈ আছে।
নগাঁওৰ ৰামানুজন জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ত্ৰিদিপ কালিতা ঘৰৰ পৰা বাছেৰে গৈ খানাপাৰাত দুপৰীয়া নমাৰ পিছত নগাঁও অভিমুখে বাছত উঠিম বুলি মাতৃক মোবাইলযোগে অৱগত কৰিছিল।
কিন্তু তাৰ পিছতে মোবাইল ফোন বন্ধ হৈ পৰে। পৰিয়ালৰ লোকে বন্ধুবৰ্গ; আত্মীয় কুটুম্ব আৰু কলেজ কৰ্তৃপক্ষক অৱগত কৰা স্বত্বেও কোনোধৰণৰ খবৰ নোপোৱাত মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰে।
ছাত্ৰ জনে পিন্ধনত ক’লা পেণ্ট, চাৰ্ফ ৰঙৰ চুৱেটাৰ আৰু বগা বৰণৰ জোতা পৰিধান কৰিছিল। কোনো লোকে ছাত্ৰ জনৰ সম্ভেদ পালে ৮৬৩৮৪-৯৮০৯৯ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।