শিশু পুত্ৰ-কন্যাই পিতৃক ঠেলাৰে কঢ়িয়াই নিলে চিকিৎসালয়লৈ;চৰ্চিত পিতৃপ্ৰেম

0
84

পুত্ৰ আৰু কন্যাৰ পিতৃ প্ৰেমৰ এক কাহিনী চৰ্চিত হৈ পৰিছে৷ নিজৰ ৰুগীয়া পিতৃক ঠেলাৰে তিনি কিলোমিটাৰ কঢ়িয়াই নিলে চিকিৎসালয়লৈ৷ এই ঘটনা বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত বাগানপাৰাৰ৷ এগৰাকী দহ বছৰীয়া কন্যা আৰু এজন কিশোৰে ঠেলাৰে কঢ়িয়াই নিছে নিজ ৰুগীয়া পিতৃক। লোকজনৰ নাম মোহন লোহাৰ ৷দিন হাজিৰা কৰি জীৱন নিৰ্ৱাহ কৰা এইগৰাকী লোক এমাহ পূৰ্ৱে এটা দুৰ্ঘটনাত পতিত হৈ শয্যাসায়ী হৈ থাকিবলগীয়া হৈছে৷

ইফালে মোহন লোহাৰৰ পত্নীৰো একে অৱস্থা৷ তেনে ক্ষেত্ৰত এতিয়া মোহন লোহাৰৰ একমাত্ৰ সহায় নিজৰ শিশু পুত্ৰ-কন্যা৷ পৰিয়ালটোত আন কোনো কৰ্মক্ষম লোক নথকাত অৱশেষত চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত কন্যা আৰু পুত্ৰই নিজ ঘৰ বাঁহজানী চুবুৰীৰ পৰা বাগানপাৰাত থকা চিকিৎসালয়লৈ নিছে চিকিৎসাৰ বাবে পিতৃ মোহন লোহাৰক৷ নিজৰ পিতৃক বিচনাত পৰি থকা চাই থাকিব নোৱাৰি এনেদৰে চিকিৎসালয়লৈ ঠেলাৰে লৈ যায় কণমানি দুটিয়ে৷

প্ৰায় তিনি কিলোমিটাৰ পথ এইদৰে এই দুটি কনমানিয়ে নিজ পিতৃক ঠেলাৰে চিকিৎসালয়লৈ নি দেখুৱাবলৈ সক্ষম হৈছে পিতৃ স্নেহৰ বিৰল নিদৰ্শন৷ এটি ভঙা চিঙা গৃহত বসবাস কৰা পৰিয়ালটোৰ উপাৰ্জনক্ষম লোকজন এইদৰে শয্যাশায়ী হৈ থকাত এতিয়া পৰিয়ালটোলৈ নামি আহিছে অমানিশা৷ পিতৃক সুস্থ কৰি তুলিবলৈ কণমানি দুটিয়ে কৰা কাৰ্যক সকলোৱে একমুখে প্ৰশংসা কৰিছে।

Photo Credit:@nandaburathokichetry