
আমেৰিকাৰ এটি ৬ মহীয়া কণমানিৰ চমকপ্ৰদ প্ৰদৰ্শন। আমেৰিকাৰ ওটাহৰ পাৱেল নামৰ লেকটিত ৱাটাৰ স্কিইং কৰি পৃথিৱীৰ কণিষ্ঠতম লোক হিচাপে বিশ্ব অভিলেখ স্থাপন কৰে ৰিচ হামফ্ৰে নামৰ কণমানিটোৱে।
ইনষ্টাগ্ৰামত ৰিচৰ অভিভাৱকে ৱাটাৰ স্কিইং কৰা ভিডিঅ’ পোষ্ট কৰাৰ পাছতে ব্যাপকভাৱে চৰ্চা লাভ কৰিছে। এতিয়া বহু লোকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ৰিচৰ এই দুঃসাহসিক প্ৰদৰ্শন।

“মোৰ ৬ মহীয়া জন্মদিনৰ দিনা ৱাটাৰ স্কিইংৰ বাবে গৈছিলো। স্পষ্টভাৱে এইটো এটা ডাঙৰ পদক্ষেপ….. #worldrecord।”
এই ভিডিঅ’টোৱে এতিয়ালৈ ৭.৬ মিলিয়ন ভিউজ অতিক্ৰম কৰিছে। বহুসংখ্যক লোকে ৰিচৰ এই সফলতাত শুভকামনা জনোৱাৰ লগতে এই ঘটনা অতিকৈ ভয়ংকৰ বুলি মন্তব্য প্ৰকাশ কৰে।