বিশ্বৰ এনে এক লিংগ মন্দিৰ যাৰ উচ্চতা বৃদ্ধি পাই গৈ থাকে, অসমৰ এইখন ঠাইত আছে এই মন্দিৰ…

0
307
বিশ্বৰ এনে এক লিংগ মন্দিৰ যাৰ উচ্চতা বৃদ্ধি পাই গৈ থাকে, অসমৰ এইখন

বিশ্বৰ এনে এক লিংগ মন্দিৰ যাৰ উচ্চতা বৃদ্ধি পাই গৈ থাকে, অসমৰ এইখন ঠাইত আছে এই মন্দিৰ…

বিশ্বৰ এনে এক বিশেষ লিংগ মন্দিৰ যাৰ উচ্চতা বৃদ্ধি পাই গৈ থাকে। যি মন্দিৰ এছিয়া মহাদেশৰ বৃহৎ শিৱলিংগ সমূহৰ ভিতৰতো এক লেখত ল’বলগীয়া। অসমতে আছে এই মন্দিৰ।

যাৰ উচচতা প্ৰায় ৩.৩ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ। সেই মন্দিৰ হৈছে তেজপুৰৰ মহাভৈৰৱ মন্দিৰ। তেজপুৰ চহৰৰ পৰা উত্তৰে সৰু টিলা এটাৰ ওপৰত আছে এই মন্দিৰ।

গুৱাহাটীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ ২৭ নং পথেৰে মৰিগাঁও-নগাঁও হৈ গলে ১৭৯.৮ কিলোমিটাৰৰ যাত্ৰা পথ, সময় লাগিব ৩ ঘণ্টা ৫০ মিনিট , প্ৰায় ৪ ঘণ্টা। আনহাতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মঙলদৈ হৈ গলে ইয়াৰ দূৰত্ব হব ১৭৪.৩ কিলোমিটাৰ। সময় লাগিব ৪ ঘণ্টা ১৯ মিনিট।

এই মন্দৰ সন্দৰ্ভত প্ৰবাদ আছে যে, দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মাণ কৰিছিল। আৰু মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লেচা। সেই মন্দৰতেই হেনো বানৰজাৰ কন্যা উষাই প্ৰতিদিনেই পূজা কৰি অনিৰুদ্ধক লাভ কৰিছিল।

সেই বান ৰজায়েই আকৌ অসমত প্ৰথমে লিংগ পূজাৰ আৰম্ভ কৰিছিল। তেখেতেই হেনো ৰাজধানীৰ পৰা অগ্নিগড়লৈ প্ৰতি ৬ মাইলৰ মূৰে মূৰে একোটাকৈ শিৱ মন্দিৰ স্থাপন কৰিছিল।

আৰু পঢ়ক : নিৰ্বাচনৰ পূৰ্বে এআইয়ুডিএফৰ পৰা ১০ কোটি টকা বিচাৰিছিল অখিল গগৈয়ে!, আমিনুল ইছলামৰ বিস্ফোৰণ