
শিলচৰৰ এগৰাকী মডেল ইটালী গৈছিল কোনো কামত। পিছত কৰ’ণাৰ সন্ত্ৰাস চলাত ঘৰলৈ উভটি আহে মডেলগৰাকী। উভতনি যাত্ৰা চলে ইটালীৰ পৰা মুম্বাই, মুম্বাইৰ পিছত দিল্লী আৰু শেষত দিল্লীৰ পৰা গুৱাহাটীহৈ শিলচৰৰ নিজৰ ঘৰ।
পিছে সমগ্ৰ যাত্ৰা পথত কৰ’ণাৰ সন্ত্ৰাস দেখি অহা মডেলগৰাকীয়ে পেৰাচিটামল মেডিচিন খাই নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱা বুলি জানিব পৰা যায়। পৰিয়ালৰ মানুহে এই বিষয়টো লুকুৱাবলৈ চেষ্টা কৰিছিল যদিও নিকটাত্মীয় তথা ওচৰৰ মানুহে এই সমগ্ৰ বিষয় আৰক্ষীৰ দৃষ্টি গোচৰ কৰাই।
শিলচৰৰ আৰক্ষীয়ে পিছত স্বাস্থ্য কৰ্মী মাতি শিলচৰৰ মেডিকেললৈ লৈ যায় মডেলগৰাকীক। অৱশ্যে শিলচৰ মেডিকেল কলেজ হাস্পাতালত পৰীক্ষা কৰোৱাত ৰিপৰ্ট নেগেটিভ আহে বুলি বুলি জানিবলৈ দিয়ে হাস্পতাল কৰ্তৃপক্ষই।
যদিও বৰ্তমানে তেজৰ নমুনাৰ পৰীক্ষা নেগেটিভ বুলি পোৱা গৈছে তথাপি মডেলগৰাকীক সুৰক্ষাজনিত কাৰণৰ বাবে ঘৰতে ১৪ দিনৰ বাবে আইছ’লেট হৈ থাকিবলৈ পৰামৰ্শ দিয়ে হাস্পতাল কৰ্তৃপক্ষই।
Photo Credit: business today