
লখিমপুৰত এক লোমহর্ষক ঘটনা; টকাৰ কাৰণে দাৰে উপর্যুপৰি আক্ৰমণৰ ৪জনকৈ লোকক
লখিমপুৰৰ মহঘুলিত বুধবাৰে সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ দুই ফৈদৰ মাজত হোৱা কাজিয়াত দাৰ ঘাপত দুই ফৈদৰ চাৰিজন গুৰুতৰভাৱে আহত হোৱাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
মহঘুলিৰ সুৰুজ আলী নামৰ এটা দুৰ্ধৰ্ষ অপৰাধীয়ে দাৰে ঘপিয়াই মহিলাসহ চাৰিজন লোকক গুৰুতৰভাৱে আহত কৰে ৷
দুৰ্ধৰ্ষ অপৰাধী সুৰুজ আলীৰ দাৰ ঘাপত ধাৰাসায়ী আন এজন সুৰুজ আলীও৷
জানিব পৰা মতে টকা পইচাৰ লেনদেনৰ বাবেই এই আক্ৰমণ কৰে সুৰুজ আলীয়ে স্থানীয় একেই নামৰ সুৰুজ আলীক। ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সুৰুজ আলী,হাচেন বানু, হুছেইন আলী,হাৰেজ আলী।
সংকটজনক অৱস্থাত আহত আটাইকেইজনক লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰাইছে নাওবৈচা আৰক্ষীয়ে৷ উল্লেখ্য যে ৰাইজে আবদ্ধ কৰি ঘাতক সুৰুজ আলীক নাওবৈচা আৰক্ষীক চমজাই দিয়ে।