27 C
Guwahati
Monday, October 3, 2022
More

    একেবাৰে চিনামৰ কাহিনী! পিতৃয়ি বিক্ৰী কৰা ঘৰ ১০ বছৰ পাছত ৮গুণ অধিক দি ক্ৰয় কৰিছিল ৰাজু শ্ৰীবাস্তৱে

    একেবাৰে চিনামৰ কাহিনী! পিতৃয়ি বিক্ৰী কৰা ঘৰ ১০ বছৰ পাছত ৮গুণ অধিক দি ক্ৰয় কৰিছিল ৰাজু শ্ৰীবাস্তৱে

    সাইলাখ হিন্দী চিনেমাৰ কাহিনী। বহু কেইখন ছবিত ইতিমধ্যে সেই কাহিনী দেখিবলৈ পোৱা গৈছে। পাছে সদ্যহতে এই ধৰাৰ পৰা চিৰ বিদায় লোৱা ৰাজু শ্ৰীবাস্তৱৰ জীৱনত সঁচাকৈয়ে ঘটিছিল তেনে কাহিনী।

    এটা সময়ত তীব্ৰ অৰ্থ সংকটক পৰি একমাত্ৰ ঘৰটোৱে বিক্ৰী কৰি দিছিল ৰাজু শ্ৰীবাস্তৱৰ পিতৃয়ে। কিন্তু সময় সদায় সকলোৰে একে নাথাকে। ভাল কাম কৰি গলে এদিন তাৰ ফল লাভ কৰাতো স্বাভাৱিক।

    তাৰেই ফল হিচাপে ৰাজু শ্ৰীবাস্তৱ হৈ পৰিছিল দেশৰ কমেডি কিং। কৌতুকৰ জগতত এক সুকীয়া আসন গঢ়িছিল ৰাজুৱে নিজৰ বাবে। তাৰেই ফল স্বৰূপে পিতৃয়ে বিক্ৰী কৰা সেই ঘৰ পুনৰ ক্ৰয় কৰিছিল পুত্ৰ ৰাজুৱে।

    চিনেমাৰ কাহিনীৰ দৰেই পিতৃয়ে বিক্ৰী কৰা ঘৰটো পুত্ৰ ৰাজু শ্ৰীবাস্তৱে ১০ বছৰৰ মূৰকত ৮ গুণ অধিক ধন ভৰি হলেও পুনৰ ক্ৰয় কৰিছিল। পিতৃয়ে ১৯৯০ চনত মাত্ৰ ৩ লাখ ৫০ হাজাৰত বিক্ৰী কৰিছিল সেই ঘৰ।

    তাৰ ঠিক ১০ বছৰ পাছত ২০০০ চনত ২৪ লাখ টকা ঘৰি পুনৰ ক্ৰয় কৰিছিল সেই পৈতৃক সম্পত্তি। ৰাজুৰ ভাই বোৱাৰীৰ মন্তব্য- দাদাই এই ঘৰ বহুত ভাল পাইছিল। ইয়াত বহু পুৰণি স্মৃতি জড়িত হৈ আছিল শৈশৱৰ।

    ঘৰটোলৈ আহিলে হেনো বহুত শান্তি অনুভৱ হৈছিল। ১০-১৫ মিনিটৰ বাবে হলেও আহিলেও গোটেই চুবুৰীয়াৰে খবৰ লৈছিল দাদই। সেয়ে অন্য সকলো সমস্যা কাটি কৰি হলেও ২০০০ চনত এই ঘৰটো পুনৰ নিজৰ দখললৈ আনে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং